গুৱাহাটী,১৩ অক্টোবৰ:এন এইচ পি চিৰ গেৰুকামুখ পাহাৰত অব্যাহত আছে খহনীয়া। লক্ষণীয়ভাৱে ২,০০০ মেগাৱাট শক্তিসম্পন্ন গেৰুকামুখত দেশৰ বৃহৎ নদীবান্ধ হিচাপে পৰিগণিত হোৱাৰ পথত অগ্ৰসৰ হোৱা এন এইচ পি চিত শেহতীয়াকৈ প্রকৃতিয়ে চলোৱা তাওৱে ভৱিষ্যতৰ এক ভয়ংকৰ সংকেত দিয়া বুলি সৰ্বত্ৰে চৰ্চা হৈছে। এন এইচ পি চিত কৰ্মৰত এক সূত্রে সদৰী কৰা অনুসৰি, সম্প্ৰতি গেৰুকামুখত যি ধাৰাবাহিক খহনীয়া চলিছে ই নির্মীয়মাণ বৃহৎ বান্ধটোলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।
জানিব পৰা মতে, ১১৬ মিটাৰ উচ্চতাৰ বান্ধটোৰ সংলগ্ন পাহাৰটোত খহনীয়া চলিবলৈ ধৰাত উদ্বিগ্ন হৈ পৰিছে এন এইচ পি চি কর্তৃপক্ষ। কিয়নো বর্তমান খহনীয়া চলি থকা অংশৰ পৰা নদীবান্ধটোলৈ দূৰত্ব মাথোঁ প্ৰায় ৭০ মিটাৰ কম হ'ব। এনেদৰে যদিহে পাহাৰৰ খহনীয়াই ক্ৰমান্বয়ে বান্ধটোৰ সংযোগ ঘটা অংশত স্পৰ্শ কৰেগৈ তেন্তে এন এইচ পি চিৰ বাবে বান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰাটো কোনো কাৰণতে সম্ভৱ নহ'ব বুলিয়ে চৰ্চা হৈছে।
ইফালে, অৰুণাচল পাহাৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ঠুনুকা পাহাৰটোত অদ্যপি খহনীয়া চলি থকা বুলি জানিব পৰা গৈছে। যোৱা দীর্ঘদিনে নিৰ্মাণকাৰ্য স্তব্ধ হৈ পৰিছে এন এইচ পি চিত। শতাধিক শ্রমিক ঘৰমুৱা হোৱা বুলিও জনা গৈছে।
Comments