গুৱাহাটী,১২ অক্টোবৰ:ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ বিভিন্ন ঠাইত মস্কোৱে বিমান আক্ৰমণ আৰম্ভ কৰাৰ পিছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত ‘গভীৰ উদ্বেগ’ প্ৰকাশ কৰিছে। এই আক্ৰমণৰ পিছতেই নতুন দিল্লীয়ে ৰাষ্ট্ৰসংঘত ৰাছিয়া বিৰোধী প্ৰস্তাৱৰ বাবে ভোটদান কৰে । প্ৰায় একে সময়তে আজি অষ্ট্ৰেলিয়া ভ্ৰমণলৈ অহা বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে, যিদৰে নিৰীহ লোকৰ জীৱন কাঢ়ি লোৱা হৈছে আৰু দেশৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা হৈছে, বিশ্বৰ কোনো অংশই ইয়াক মানি নলয় ।
কালি ৰাছিয়াৰ সৈতে ভাৰতৰ পৰম্পৰাগত বন্ধুত্বৰ কথা সোঁৱৰাই জয়শংকৰে কয় যে সেই বিপদৰ দিনবোৰত মস্কো নতুন দিল্লীৰ পক্ষত আছিল যেতিয়া আমেৰিকা আৰু পশ্চিমে ভাৰতক অস্ত্ৰ যোগান বন্ধ কৰিছিল। কূটনৈতিক সূত্ৰই জনোৱা মতে, পৰিস্থিতি এতিয়া ইমানেই জ্বলন্ত হৈ পৰিছে যে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ প্ৰতি থকা অন্ধ আনুগত্যৰ পুনৰাবৃত্তি কৰাটো ভাৰতৰ বাবে অতি বিদ্ৰুপৰ কথা হৈ পৰিছে ।
Comments