গুৱাহাটী, ১২ অক্টোবৰ: ৰাজ্যিক বিজেপিৰ ৰাজপ্ৰসাদসদৃশ নতুন কাৰ্যালয় মুকলিৰ পাছতে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাধিক অভিযোগেৰে শাসকীয় দল বিজেপিক থকা-সৰকা কৰিছে বিৰোধীয়ে । অৱশ্যে এই ক্ষেত্ৰত নীৰৱে থকা নাই শাসকীয় দলটো ।
ইয়াৰ মাজতে বুধবাৰে পুনৰ বিষয়টো সন্দৰ্ভত বিৰোধীয়ে অনা অভিযোগকলৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ, সাংসদ তথা মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই । প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰা বক্তব্যৰ প্ৰত্যুত্তৰ দিয়ে সাংসদ মাৰ্ঘেৰিটাই ।
সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছ দলৰ নেতাসকলে শাসনত থকাৰ সময়ত নিজৰ ডাঙৰ ডাঙৰ অট্টালিকা সাজিলে যদিও দলৰ কাৰ্যালয় এটা ভালদৰে বনাব নোৱাৰিলে । এই সন্দৰ্ভত কংগ্ৰেছৰ কৰ্মীসকলে কৰা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি নেতাসকলে হতাশাত ভূগি বিভিন্ন ধৰণৰ অদ্ভুত কথা কোৱাটো তেনেই স্বাভাৱিক । ভূপেন বৰাই ৰাজ্যিক বিজেপিৰ কাৰ্যালয় ভাঙিম বুলি কোৱা সন্দৰ্ভত তেওঁ কয় যে ভূপেন বৰাৰ চৈধ্য পুৰুষ তথা গান্ধী পৰিয়াল সকলোৱে অশুভ চিন্তা কৰিলেও ইটা এচপৰাও ইফাল-সিফাল কৰিব নোৱাৰে ।
Comments