Cartoon
View Older
গুৱাহাটী,১২ অক্টোবৰ : টি-২০ বিশ্বকাপ আৰম্ভ হ'বলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী । ইতিমধ্যে টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াত শিবিৰ পাতিছেগৈ । কিন্তু দলটোৰ বাবে পুনৰ এক মোক্ষম আঘাতে চিন্তাত পেলাইছে ভাৰতীয় শিবিৰক । কিয়নো দলৰ নিৰ্ভৰযোগ্য খেলুৱৈ দীপক চহৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈছে ।
ছুইং বল আৰু অন্তিম সময়ত বিস্ফোৰক বেটিং কৰি দলক আগুৱাই নিয়া চহৰ অন্যতম । মন কৰিবলগীয়া যে দীপক চহৰে ৰিজাৰ্ভ খেলুৱৈ হিচাপে স্থান পাইছিল । এতিয়া সেই স্থানত খেলিব অলৰাউণ্ডাৰ তথা মুম্বাইৰ খেলুৱৈ শার্দুল ঠাকুৰ । ইতিমধ্যে শার্দুল ঠাকুৰ, মহম্মদ ছিৰাজ আৰু শ্ৰেয়াছ আয়াৰ আজি ভাৰতৰ পৰা অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছে।
Comments