গুৱাহাটী, ১৩ অক্টোবৰ:উদ্যোগ আৰু শৈক্ষিক সমাজৰ মাজত অর্থপূর্ণ সহযোগিতা সৃষ্টিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ১২ অক্টোবৰ, ২০২২ তাৰিখে অইলৰ ক্ষেত্ৰ মুখ্য কাৰ্যালয় দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেড আৰু উত্তৰ-পূব ভাৰতৰ ৫ খন আগশাৰীৰ বিশ্ববিদ্যালয় অর্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, মণিপুৰ বিশ্ববিদ্যালয়, নগালেণ্ড বিশ্ববিদ্যালয় আৰু ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । উক্ত বুজাবুজিৰ চুক্তিখনত আনুষ্ঠানিকভাৱে স্বাক্ষৰ প্ৰদান কৰে অইলৰ খগেন চন্দ্র কলিতা (বিভাগীয় মুৰব্বী – COEES) আৰু বিশ্ববিদ্যালয়সমূহৰ সন্মানীয় প্রতিনিধিসকলে তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক পঞ্জীয়ক অধ্যাপক ৰাতুল মহন্ত, মণিপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ডব্লিউ চি সিং, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপ পঞ্জীয়ক ড০ এন্থনী ভি ৰিচা আৰু ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ চন্দ্ৰ শেকৰণে ।
দুলীয়াজানত অনুষ্ঠিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথৰ লগতে কাৰ্য্যকৰী সঞ্চালকসকল, আৱাসিক মুখ্য বিষয়া আৰু বিশ্ববিদ্যালয়সমূহৰ জ্যেষ্ঠ প্রতিনিধিসকল উপস্থিত থাকে।অনুষ্ঠানত উপস্থিত থাকি অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথে সামৰ্থ্য বিকাশ আৰু তেল আৰু গেছৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ, ভৱিষ্যতৰ এক শক্তি কুশল ভাৰত সৃষ্টিৰ বাবে নতুন উদ্যোগ সৃষ্টিৰ উদ্দেশ্যৰ সৈতে ই এণ্ড পি উদ্যোগ আৰু শৈক্ষিক সমাজ উভয়ৰে বৈচিত্ৰময় প্রচেষ্টাসমূহৰ সমন্বয় সাধন কৰিবলৈ এনে কৌশলগত সহযোগিতাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰবাৰ দোহাৰে।
বুজাবুজিৰ চুক্তিখনৰ মূল উদ্দেশ্য হৈছে উত্তৰ-পূবৰ বিশ্ববিদ্যালয়সমূহত গৱেষণা আৰু উন্নয়নৰ সামৰ্থ্য বৃদ্ধি কৰা আৰু উত্তৰ-পূবৰ ভূতত্ত্বৰ বুজাবুজি বৃদ্ধি কৰা। উত্তৰ-পূব ভাৰতৰ বাবে হাইড্ৰ'কাৰ্বন ভিজন ২০৩০ সদৃশ এই বুজাবুজিৰ চুক্তিৰ এটা মূল কেন্দ্ৰবিন্দু হৈছে উদ্যোগ-শৈক্ষিক সহযোগিতাৰ বাবে এক মঞ্চ গঢ়ি তোলা, যিয়ে কেৱল দক্ষ আৰু কাৰ্য্যকৰী মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰতে নহয়, দেশৰ শক্তি সুৰক্ষাৰ বাবে একেলগে কাম কৰাৰ ক্ষেত্ৰতো বহুখিনি আগুৱাই নিব । এই প্রতিষ্ঠিত প্রতিষ্ঠানসমূহৰ শৈক্ষিক বিশেষজ্ঞতাই অইলৰ ব্যৱসায়িক কার্যকলাপসমূহক সহায় কৰিব, আনহাতে অইলৰ ব্যৱহাৰিক দক্ষতাই এই প্রতিষ্ঠানসমূহত শৈক্ষিক গৱেষণাত সহায় কৰিব । এই সংযোগৰ ফলত অইল আৰু উক্ত শৈক্ষিক অনুষ্ঠানসমূহ উভয়ে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ অধিক প্ৰস্তুত হ'ব।
Comments