Cartoon
View Older
গুৱাহাটী,১৩ অক্টোবৰ:ৰজা হোৱাৰ আঠ মাহৰ পাছত অৰ্থাৎ অহা বছৰৰ ৬ মে’ত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছে পিন্ধিব মুকুট । বাকিংহাম পেলেছে জাৰি কৰা এক বিবৃতি অনুসৰি সেইদিনা চাৰ্লছৰ পত্নী কেমিলাকো আনুষ্ঠানিকভাৱে কুইন কনছৰ্ট হিচাপে ঘোষণা কৰা হ’ব ।
পৰম্পৰাগতভাৱে কেণ্টাৰবেৰীৰ বিশ্বপে ৱেষ্টমিনিষ্টাৰ এবেত অনুষ্ঠিত হ'ব লগীয়া এই অনুষ্ঠানৰ সভাপতিত্ব কৰিব । ১৯৫৩ চনত দ্বিতীয় ৰাণী এলিজাবেথৰ উদ্বোধনী অনুষ্ঠানতকৈ চাৰ্লছৰ উদ্বোধনী অনুষ্ঠানৰ অতিথিৰ সংখ্যা বহুত কম হ’ব।
ৰাণীৰ উদ্বোধনী অনুষ্ঠানত আঠ হাজাৰ অতিথি উপস্থিত আছিল আৰু তিনি ঘণ্টাৰো অধিক সময় ধৰি চলিছিল এই অনুষ্ঠান। অৱশ্যে ৬ মে’ত দুহেজাৰতকৈ বেছি অতিথি নাথাকিব। অনুষ্ঠানৰ দৈৰ্ঘ্যও এঘণ্টাত সীমিত কৰা হৈছে।
Comments