গুৱাহাটী,১২ অক্টোবৰ:খালিস্তান সমৰ্থক সংগঠন "শিখছ ফৰ জাষ্টিচ" (এছ এফ জে)ৰ মুৰব্বী গুৰুপটৱন্ত সিং পান্নুনৰ বিৰুদ্ধে ভাৰতে "ৰেড কৰ্ণাৰ নটিচ" জাৰি কৰাৰ দাবীক নাকচ কৰিছে আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সংস্থা ইন্টাৰপলে। চৰকাৰৰ এক সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে ভাৰতত নিষিদ্ধ ঘোষিত সংগঠনটোৰ মুৰব্বীজনৰ বিৰুদ্ধে প্ৰমাণ দাখিল কৰাত ব্যৰ্থ হৈছে।
২০১৯ চনৰ জুলাই মাহত কেন্দ্ৰই অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত ভাৰতত শিখ ফৰ জাষ্টিচ উগ্ৰপন্থী সংগঠনক নিষিদ্ধ কৰিছিল।কিন্তু ইণ্টাৰপ’লে নৰেন্দ্ৰ মোদী চৰকাৰৰ আবেদন নাকচ কৰাটোৱে এতিয়া ইউএপিএৰ অপব্যৱহাৰ কৰাৰহে ইংগিত দিছে ।
প্ৰসংগক্ৰমে কেইমাহমানৰ আগতে এটা ভিডিঅ’ মেছেজত পান্নুনে দাবী কৰিছিল যে আম আদমী পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল আৰু ভাগৱত মানে পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ দলৰ বাবে ৬০ লাখ ডলাৰতকৈ অধিক অনুদান বিচাৰিছিল । ইফালে কেন্দ্ৰীয় চৰকাৰৰ মতে এই নিষিদ্ধ সংস্থাই ভাৰত বিৰোধী কাৰ্যকলাপত আৰ্থিক সহায় আগবঢ়ায়। আনকি নেটত ভাৰত বিৰোধী পোষ্ট দিলে বিদেশী দেশত নাগৰিকত্ব লাভ কৰাৰ প্ৰতিশ্ৰুতি দি যুৱক-যুৱতীক প্ৰভাৱিত কৰাৰ চেষ্টা কৰে ।
Comments