গুৱাহাটী,১১ অক্টোবৰ:উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ১৬-১৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া জুনিয়ৰ আৰু ফেডাৰেশ্যন কাপ মিক্স নেটবল প্রতিযোগিতাত অংশ গ্ৰহণ কৰিবলগীয়া অসম দলৰ খেলুৱৈসকলৰ নাম অসম মিক্স নেটবল সন্থাৰ সম্পাদক সীমান্ত বৰুৱাই ঘোষণা কৰিছে।
জুনিয়ৰ শাখাত নিৰ্বাচিত খেলুৱৈ সকল হ'ল— বিকাশ পুৰাণ, বিষ্ণু মাঝি, সুভম বড়ো, জ্ঞানজ্যোতি টাই (অধিনায়ক), উদয়দত্ত চেতিয়া, মনোৰঞ্জন ৰবিদাস, পূজা বুঢ়াগোহাঁই, জ্যোতি বানুৱাৰ, হিমাদ্ৰী গগৈ, সংগীতা টাই, চাইংগা ওৰাং আৰু চাদন কানোৱাৰ।
ফেডাৰেশ্যন কাপৰ নিৰ্বাচিত খেলুৱৈসকল— দিবাকৰ গগৈ (অধিনায়ক), ৰিতুপণ শইকীয়া, অনুপ কলিতা, শুভাশিস গগৈ, নিৰ্মল কানোৱাৰ, উত্তম বড়ো, ফাৰুক আলী, বন্দিতা বৰুৱা, পাহি বুঢ়াগোহাঁই, নেহা গোৱালা, নীতা বড়ো আৰু অমিয়া বৰুৱা। জুনিয়ৰ দলৰ প্রশিক্ষক ৰঞ্জিতা দেৱী আৰু ফেডাৰেশ্যন কাপৰ প্ৰশিক্ষক নাছৰিন ৰহমান। দুইটা দলৰ মুখ্য পৰিচালক বলেন দাস।
Comments