গুৱাহাটী, ১১ অক্টোবৰঃ বলীউডৰ প্ৰখ্যাত অভিনেতা মেগাষ্টাৰ অমিতাভ বচ্চনে ১১ অক্টোবৰ অৰ্থাৎ আজি জীৱনৰ ৮০ বছৰ গৰকিলে। সেই উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অভিনেতা-অভিনেত্ৰী তথা বহুতো অনুৰাগীয়ে মৰমৰ অভিনেতাজনক জন্মদিনৰ শুভেচ্ছা জনায়। ইয়াৰ লগতে বিশেষকৈ অমিতাভৰ মৰমৰ নাতিনী নব্যা নভেলী নন্দাই তেওঁৰ ককাক বিগ বিৰ বাবে জন্মদিনৰ এক আন্তৰিক টোকা লিখি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।
নব্যাই ইনষ্টাগ্ৰামযোগে তেওঁৰ আৰু ককাক অমিতাভৰ শৈশৱৰ দিনবোৰৰ এখন ফটো শ্বেয়াৰ কৰিছে। ব্লেক এণ্ড ৱাউট ছবিখনত বিগ বি আৰু নব্যাক দেখিবলৈ বাৰুকৈয়ে মৰম লগা হৈছে।
ইপিনে, ছবিখনৰ লগতে নব্যাই লিখিছে যে, "আপুনি কেতিয়াও ভাগৰি নপৰিব, আপুনি কেতিয়াও থমকি নাযাব, আপুনি কেতিয়াও পথভ্রষ্ট নহ'ব, শপত খোৱা, শপত খোৱা, শপত খোৱা, অগ্নিপথ, অগ্নিপথ, অগ্নিপথ। কেতিয়াও আপোনাৰ দৰে আন কাকো দেখা নাই, আৰু কেতিয়াও দেখা নাপাম। শুভ জন্মদিন ককা।"
অমিতাভে ১৯৬৯ চনত 'সাত হিন্দুস্তানী'ৰ সৈতে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ 'আনন্দ', 'জঞ্জিৰ', 'কালা পাথৰ', 'কুলি', 'মৰ্ড', 'অগ্নিপথ', 'ডন' আৰু 'শ্ব'লে'ৰ দৰে ব্লকবাষ্টাৰ চিনেমাত অভিনয় কৰিছে।
শেহতীয়াকৈ, তেওঁ 'উনচাই'ৰ মুক্তিৰ বাবে সাজু হৈছে, য'ত নীনা গুপ্তা, পৰিণীতি চোপ্ৰা আৰু অনুপম খেৰৰ লগতে আন বহুতো তাৰকাক দেখা যাব।
Comments