Cartoon
View Older
গুৱাহাটী,১১ অক্টোবৰ : গোলাঘাটত অভিলেখ সৃষ্টি কৰিছে সদ্যমুক্তিপ্রাপ্ত অসমীয়া কথাছবি ‘বেলকনীত ভগৱান'। দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা গোলাঘাটৰ গ'ল্ড চিনেমা হলত আজিৰে পৰা চিনেমাখন দুটা প্ৰদৰ্শনীৰ আৰম্ভ কৰিছে গ'ল্ড চিনেমা হল কর্তৃপক্ষই। আজিৰ পৰা বিয়লি ২ বজাৰ উপৰি সন্ধিয়া ৫ বজাৰ পৰাও চিনেমাখন প্ৰদৰ্শন কৰিব।
যোৱা কেউদিনত গোলাঘাটত চিনেমাখন চাবৰ বাবে দৰ্শকৰ ব্যাপক ভিৰ হৈছে। উল্লেখ্য, বিশ্বজিৎ বৰা আৰু নুৰুল চুলতানৰ প্রযোজনাত বোলছবিখন নিৰ্মাণৰ পৰা মুক্তি দিয়ালৈকে বহু প্রত্যাহ্বান আহিছিল বুলি অভিযোগ উঠিছিল। বিশেষকৈ বোলছবিখন লবীকেন্দ্ৰিক প্ৰভাৱত পৰি বোলছবি মহোৎসৱত প্ৰদৰ্শনৰ পৰা বঞ্চিত হোৱাৰো অভিযোগ উঠিছিল।
Comments