গুৱাহাটী, ১১ অক্টোবৰঃ বৃহস্পতিবাৰে অসম ভ্ৰমণৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আইআইটি, গুৱাহাটী পৰিদৰ্শন কৰিব আৰু ছুপাৰ কম্পিউটাৰৰ ‘পৰম কামৰূপা’ উদ্বোধন কৰিব । ৰাষ্ট্ৰপতিৰ সৈতে অসমৰ ৰাজ্যপাল জগদীশ মুখী, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰ, অসমৰ স্বাস্থ্য, বিজ্ঞান, প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
ৰাষ্ট্ৰপতিৰ ভ্ৰমণক লৈ আই আই টি- গুৱাহাটীৰ সঞ্চালক টি.জি. সীতাৰামে ক’লে ‘আমাৰ কেম্পাছলৈ প্ৰথম ভ্ৰমণৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱাটো আমাৰ সন্মান আৰু আনন্দৰ কথা। আমি আনন্দিত যে ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং মিছনৰ অধীনত উত্তৰ-পূব অঞ্চলৰ একক ছুপাৰ কম্পিউটাৰ পৰম কামৰূপা উদ্বোধন কৰিব । আই আই টি-জিত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ধুবুৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড় (অসম) আৰু জবলপুৰ (মধ্যপ্ৰদেশ)স্থিত ৰাষ্ট্ৰীয় ভাইৰ’লজী প্ৰতিষ্ঠানৰ জ’নেল ইনষ্টিটিউটৰ বাবে আধাৰশিলা স্থাপন কৰা হ’ব।
Comments