Cartoon
View Older
গুৱাহাটী,১২ অক্টোবৰ:আহিনৰ বানত ডুব গৈছে ফেৰী ঘাট । এনে ক্ষেত্ৰত যিকোনো মূৰ্হুতত বন্ধ হ’ব পাৰে নিমাতী মাজুলী ফেৰী সেৱা ৷ যোৱা কেইবাদিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ । বাঢ়নীপানীয়ে বুৰাই পেলাইছে ফেৰী থোৱা ৰেম্পসমূহো ।
ফলত যিকোনো সময়ত বন্ধ হ’ব পাৰে মাজুলী-নিমাতীৰ মাজত চলাচল কৰা ফেৰী সেৱা । অৱশ্যে এনে অৱস্থাতো বৰ্তমানেও অব্যাহত আছে ফেৰীসেৱা ৷ কেৱল চাৰিচকীয়া বাহন পাৰাপাৰ হোৱাতহে বাধা প্ৰদান কৰিছে জিলা প্ৰশাসনে । আনহাতে যাত্ৰী আৰু বাইক পাৰাপাৰ হৈছে ফেৰীসমূহেৰে ।
Comments