গুৱাহাটী,১২ অক্টোবৰ:বিদেশী মুদ্ৰা আইন উলংঘা কৰাৰ অভিযোগত পাকিস্তানৰ তদন্তকাৰী সংস্থাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে গোচৰ তৰিছে। এই গোচৰত ইমৰাণৰ সৈতে তেওঁৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ বিত্তীয় উইং আৰু সেই দেশৰ এটা ব্যক্তিগত বেংকৰ পৰিচালকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।
পাকিস্তানৰ সংবাদ মাধ্যম ড’ন ডট কমৰ এক প্ৰতিবেদন অনুসৰি, ইছলামবাদৰ ফেডাৰেল ইনভেষ্টিগেশ্যন এজেন্সীৰ কৰ্প’ৰেট বেংকিং চাৰ্কলৰ দ্বাৰা এই গোচৰ ৰুজু কৰা হৈছে। এফ আই আৰত উটন ক্ৰিকেট লিমিটেডৰ স্বত্বাধিকাৰী আৰিফ মাছুদ নাকভিয়ে ‘কষ্ট কৰি উপাৰ্জন কৰা’ বিপুল পৰিমাণৰ ধন ইমৰাণৰ দলৰ নামত পঞ্জীয়ন কৰা বেংক একাউণ্টত জমা কৰিছিল।
ইউনাইটেড বেংক লিমিটেড (ইউবিএল) নামৰ বেংক একাউণ্টটো পিটিআইৰ নামত পঞ্জীয়ন কৰা বুলি দাবী কৰা হৈছে। ইমৰাণৰ উপৰিও চৰ্দাৰ আজহাৰ তাৰিক খান, চাইফুল্লাহ খান নিয়াজী, চৈয়দ ইউনুছ আলী ৰজা, আমিৰ মাহমুদ কিয়ানী, তাৰিক ৰহিম শ্বেখ, তাৰিক শ্বাফি, ফাইজল মকবুল শ্বেখ, হামিদ জামান আৰু মঞ্জুন আহমেদ চৌধুৰীৰ নাম এফ আই আৰত উল্লেখ কৰা হৈছে ।
Comments