গুৱাহাটী,১৬ অক্টোবৰ : ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। অহা ১৯ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২২-২৩ বৰ্ষৰ নিৰ্বাচনৰ বাবে এইবেলি ১১ টা পদৰ বিপৰীতে ২৪ গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ইয়াৰে গুৰু ক্ৰীড়া বিভাগত বিশ্বজিৎ দৈমাৰী, খেল সম্পাদক পদত হাবেল বড়ো, ছাত্র জিৰণি কোঠাৰ সম্পাদক পদত ধীৰাজ কলিতা আৰু শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত প্ৰভু বড়ো বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।
এইবেলি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ সভাপতি পদত অৰ্ণৱ বৰ্মন আৰু কাশ্যপ কল্যাণ গগৈ, উপ-সভাপতি পদত অসীম ভূঞা আৰু নিৰঞ্জন বৰা, সাধাৰণ সম্পাদক পদত মুনিফ ইকবাল আৰু পুণ্যব্রত দত্ত, সহকাৰী সাধাৰণ সম্পাদক পদত দলবীৰ সিং, কস্তুৰী শিৱম আৰু মৃগাংক কৃষ্ণ শইকীয়া, সাহিত্য বিভাগৰ সম্পাদক পদত শতাব্দী বৰা আৰু সৌৰভ দেউৰী, সংগীত বিভাগৰ সম্পাদক পদত কস্তুৰী শৰ্মা আৰু সাধনা দেৱী শৰ্মা, সাংস্কৃতিক বিভাগৰ সম্পাদক পদত অভিনাশ শইকীয়া আৰু প্ৰাচুৰ্য হাজৰিকা, তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ সম্পাদক পদত আৰিফা মেহেনাজ আৰু দুবৰী কাশ্যপ, লঘু ক্রীড়া বিভাগৰ সম্পাদক পদত বিলিপাং দৈমাৰী আৰু মঞ্জিল শইকীয়া, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত দেৱজানী পাল, মৌচুমী ওজা আৰু তৃষ্ণানীলা ডেকা তথা সমাজসেৱা বিভাগৰ সম্পাদক পদত ফজাইল আহমেদ লস্কৰ আৰু নেহা কটকীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।
Comments