গুৱাহাটী, ১৫ অক্টোবৰঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ বাবে টীম ইণ্ডিয়াৰ মূল দলত অন্তর্ভুক্ত হ'ল তাৰকা পেচাৰ মহম্মদ ছামি। যশপ্রীত বুমৰাহৰ ঠাইত দলত অন্তর্ভুক্ত হৈছে পশ্চিমবংগৰ ক্ৰিকেটাৰগৰাকী। আঘাত বাবে ইতিমধ্যে টুর্নামেণ্টৰ পৰা বাহিৰ হৈছে অভিজ্ঞ পেচাৰ বুমৰাহ। তাৰকাগৰাকীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আঘাত যে গুৰুতৰ সেয়া উল্লেখ কৰিছে। এনে অৱস্থাত বিগত সময়ছোৱাত বুমৰাহৰ বিকল্প কোন হ'ব সেই সম্পর্কে সর্বত্রে চর্চা চলি আছিল।
অৱশেষত আজি জল্পনা-কল্পনা অন্ত পেলাই ছামিয়েই যে বুমৰাহৰ বিকল্প হ'ব সেয়া নিশ্চিত কৰে ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। ছামিৰ উপৰি মহম্মদ ছিৰাজ আৰু শার্দুল ঠাকুৰৰো আজি ভাগ্য উদয় হয়। দীপক চহৰৰ আঘাত আৰু ছামিৰ মূল দলত অন্তৰ্ভুক্তকৰণৰ পিছত ছিৰাজ আৰু শ্বাৰ্ডুল ষ্টেণ্ডবাই খেলুৱৈ হিচাপে ভাৰতীয় শিবিৰত অন্তৰ্ভুক্ত হয়।
Comments