Cartoon
View Older
গুৱাহাটী, ১৬ অক্টোবৰ : পুনৰ বৃদ্ধি পালে আমুল গাখীৰৰ মূল্য । গুজৰাটৰ বাহিৰে সকলো ৰাজ্যতে 'আমুল' ব্ৰেণ্ডৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা হৈছে । আমুল গাখীৰৰ বিক্ৰেতা সংস্থা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচনে প্ৰতি লিটাৰ ফুল ক্ৰীম গাখীৰ আৰু ম'হৰ গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰা বুলি শনিবাৰে জনাইছে ।
জিচিএমএমএফৰ পৰিচালন সঞ্চালক আৰ এছ সোধীয়ে নতুন মূল্য তালিকাৰ বিষয়ে অৱগত কৰায় । এই বৃদ্ধিৰ ফলত ফুল ক্ৰীম গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৬১ টকাৰ পৰা প্ৰতি লিটাৰত ৬৩ টকালৈ বৃদ্ধি হৈছে । ইয়াৰ পূৰ্বে আগষ্ট মাহত প্ৰখ্যাত গাখীৰ ব্ৰেণ্ডটোৱে আভ্যন্তৰীণ ব্যয় বৃদ্ধিৰ কথা উল্লেখ কৰি ১৬ আগষ্টত গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰিছিল ।
Comments