গুৱাহাটী,১৬ অক্টোবৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱনত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ বিভিন্ন বিভাগীয় কামকাজৰ পৰ্যালোচনা কৰে । জনতা ভৱনত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধক অংশুল গুপ্তা আৰু ৰে’লৱেৰ অন্যান্য জ্যেষ্ঠ বিষয়াৰ লগতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে এখন বৈঠকত মিলিত হৈ মুখ্যমন্ত্রীয়ে বৰ্তমানৰ ৰে’লৱে আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে থকা বাধাসমূহ দূৰীকৰণ আৰু এই বিষয়ত অসমত নতুন প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰে।
পল্টন বজাৰ এলেকাৰ পৰা গুৱাহাটী ৰে’লৱে ষ্টেচনলৈ দ্বিতীয় প্ৰৱেশদ্বাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে ৰে’লৱেক ভূমি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে বৈঠকত । তদুপৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আগিয়াঠুৰি ৰে'লৱে ষ্টেচনত আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰে ৰে'লৱেৰ পৰা বিভাগীয় অনুৰোধ লাভ কৰাৰ পাছত ভূমি আবণ্টন দিয়াৰ কথা উল্লেখ কৰে । হাতী কৰিড'ৰ আৰু ৰে’ল দুৰ্ঘটনাত হাতীৰ মৃত্যুৰ দৰে বিষয়সমূহো এই বৈঠকত আলোচনা কৰি উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰেৰে এই সমস্যাৰ সমাধান কৰিবলৈ মুখ্যমন্ত্রীয়ে নিৰ্দেশনা প্ৰদান কৰে । মুখ্যমন্ত্ৰীৰ লগতে সতীৰ্থ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ তথা অন্যান্য বিষয়াসকলো উপস্থিত থাকে বৈঠকত ।
Comments