গুৱাহাটী, ১৬ অক্টোবৰ :অহা ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব লগা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছত চলিছে ব্যাপক তৎপৰতা । গুৱাহাটীত শশী থাৰুৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলিছে৷ দলৰ সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰে এখন বিশেষ বিমানেৰে শনিবাৰে বিয়লি ৫ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে । সন্ধিয়া ৬ বজাত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ যুৱ প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয় । তাৰ পিছত ৭ বজাত সংবাদ মাধ্যমক প্ৰাৰ্থীগৰাকীয়ে সম্বোধন কৰে ।
উক্ত সংবাদমেলত তেওঁ কয়, ‘‘আগত ২০২৪ চনৰ নিৰ্বাচনক লক্ষ্য হিচাপে লৈ এআইচিচিৰ সভাপতি পদত অৱতীৰ্ণ হৈছো । মোৰ লক্ষ্য এক পৰিৱৰ্তনকামী চিন্তাৰে কংগ্ৰেছ দলক শক্তিশালী কৰা’’ । তেওঁ লগতে কয়, ‘‘মই বিজয়ী হ’লে কংগ্ৰেছৰ সংগঠনৰ কাম বিকেন্দ্ৰীকৰণ কৰা হ’ব । যুৱকসকলক অধিক গুৰুত্ব দিয়া হ’ব । নিৰ্বাচনৰ পূৰ্বে তিনিমাহ আগতে প্ৰাৰ্থী বাচনি কৰা হ’ব ’’। শশী থাৰুৰে কয় যে যোৱা নিৰ্বাচনত বিজেপিয়ে ৩৭ শতাংশ ভোট লাভ কৰিছিল । তেওঁ এআইচিচিৰ সভাপতি হ’লে এইবাৰ এক নিৰ্দিষ্ট কৰ্মসূচী তৈয়াৰ কৰি বিৰোধী দলবোৰৰ লগত এক গোট কৰি কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিক পৰাভূত কৰিব ।
Comments