গুৱাহাটী, ১৬ অক্টোবৰ:নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছতো ব্যাপক তৎপৰতা আৰম্ভ হৈছে । নিৰ্বাচনৰ বাবে গুৱাহাটীৰ ৰাজীৱ ভৱনো সাজু হৈছে । কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি নিৰ্বাচনত অসমৰ ২৮০ গৰাকী প্রতিনিধিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব । দলীয় ভোটাৰৰ সমৰ্থন বিচাৰি ইতিমধ্যে ১০ অক্টোবৰত অসমলৈ আহি গৈছে সভাপতি পদৰ এগৰাকী প্ৰাৰ্থী মল্লিকার্জুন খাৰ্গে । শনিবাৰে প্ৰচাৰৰ বাবে অসমলৈ আহিল শশী থাৰুৰ । শনিবাৰে বিয়লি ৫.৩৫ বজাত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্রতিনিধিসকলৰ সভাত অংশগ্রহণ কৰিলে শশী থাৰুৰে ।
সভাৰ আৰম্ভণিতে ৰাজীৱ ভৱনত এপাক বিহু নাচিলে লোকসভাৰ সাংসদ শশী থাৰুৰে ৷ শশী থাৰুৰক বিমানবন্দৰৰ লগতে ৰাজীৱ ভৱনত কংগ্ৰেছৰ কৰ্মীসকলে, বিশেষকৈ ছাত্ৰ যুৱ কংগ্ৰেছী সকলে বিহু নৃত্যৰে উষ্ম আদৰণি জনায় । উল্লেখ্য যে, আগন্তুক ১৭ অক্টোবৰত সমগ্ৰ দেশতে কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ ভোট গ্ৰহণ হ’ব আৰু ১৯ অক্টোবৰত ভোট গণনা হ’ব ।
Comments