গুৱাহাটী, ১৫ অক্টোবৰঃ এমবিএ চাইৱালা, মডেল চাইৱালা বা তপৰি চাহৱালাৰ দৰে বিপনীৰ অপৰিসীম সফলতাৰ পিছত, এইবাৰ আন এগৰাকী বিশেষ চাহ বিক্ৰেতাই বজাৰ দখল কৰিছে। কিন্তু এইবাৰ চাইৱালা নহয় বৰঞ্চ চাইৱালী প্ৰৱেশ কৰিছে। তেওঁৰৰ নাম বি টেক (B.Tech) চাইৱালী আৰু তেওঁ হাৰিয়ানাৰ ফৰিদাবাদত তেওঁৰ চাহৰ বিপনী খুলিছে।
প্ৰকৃততে ফৰিদাবাদৰ গ্ৰীণফিল্ডৰ ওচৰত চাহৰ বিপনী খোলা এই যুৱতীগৰাকীৰ নাম হৈছে ভাৰ্টিকা সিং। সামাজিক মাধ্যমত পোষ্ট কৰা এটা ভিডিঅ'ত ভাৰ্টিকাই তেওঁৰ চাহৰ দোকানৰ বিষয়ে কৈছে। বিহাৰৰ বাসিন্দা বৰ্টিকা হৈছে এগৰাকী বি টেক পাঠ্যক্ৰমৰ ছাত্ৰী। তেওঁ হাৰিয়ানাৰ ফৰিদাবাদত গ্ৰীণফিল্ডৰ ওচৰত এখন চাহৰ দোকান খুৰিছে। তেওঁ এই দোকানখনৰ নাম ৰাখিছে বি টেক চাইৱালী।
ভাৰ্টিকাই এই সন্দৰ্ভত কৈছে যে, "মই ফৰিদাবাদৰ গ্ৰীণফিল্ডৰ ওচৰত এখন চাহৰ দোকান খুলিছো আৰু সন্ধিয়া ৫.৩০ বজাৰ পৰা নিশা ৯ বজালৈ মই চাহ বিক্ৰী কৰো। মই সদায় নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিলো। ইয়াৰ বাবে ডিগ্ৰী সম্পূৰ্ণ হোৱালৈ মোৰ অপেক্ষা কৰিবলৈ মন নাছিল। গতিকে তেওঁ বি টেক চাইৱালীৰ নামেৰে মোৰ নতুন ষ্টাৰ্টআপ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলো।"
ইপিনে, দেখিবলৈ ধুনীয়া এই সুন্দৰী চাহ বিক্ৰেতা গৰাকীৰ বিপনীত প্ৰায়ে গ্ৰাহকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়। বৰ্তমান সময়ত দেশৰ বহুতো মহাবিদ্যালয়ৰ যুৱক-যুৱতীয়ে শিক্ষাৰ অন্তত চাহৰ সফল ব্যৱসায় চলাই আছে। এমবিএ চাইৱালা ইয়াৰ এটা উদাহৰণ।
Comments