তালাপ, ১৫ অক্টোবৰ : ডুমডুমা শাখা সাহিত্য সভাৰ উদ্যোগত কালি সন্ধিয়া স্তন কেন্সাৰ বিষয়ত এখন সজাগতা সভা অনুষ্ঠিত হয় । স্তন কেন্সাৰ ৰোগৰ বিশেষজ্ঞ, সুলেখিকা, দিল্লীৰ 'এইমচ'-ত বৰ্তমানে 'পোষ্ট ডক্টৰেল ফেল' ৰূপে কৰ্মৰত, সমাজক উপকৃত কৰি সুখ আৰু আনন্দ অনুভৱ কৰা ডুমডুমাৰে জীয়ৰী ডাঃ জয়ীতা তালুকদাৰে সভাখনত যোগদান কৰি স্তন কেন্সাৰ কেনেকৈ উৎপত্তি হ'ব পাৰে আৰু তেনে নহ'বলৈ কেনে ধৰণৰ সজাগতামূলক ব্যৱস্থা ল'ব লাগিব এই বিষয়ে বিৱৰি কয় ।
শৰীৰৰ অন্যান্য অংশত দেখা দিব পৰা কেন্সাৰ ৰোগৰ লক্ষণ আৰু তাৰ প্ৰতিৰোধৰ বিষয়েও উপস্থিত ৰাইজক কিছু কথা অৱগত কৰায় । প্ৰস্তুতকৃত আহাৰ ফ্ৰীজত থৈ খোৱাতকৈ সতেজ আহাৰ আৰু ফলমূল খোৱাত গুৰুত্ব দিবলৈ তেওঁ উপস্থিত ৰাইজক পৰামৰ্শ প্ৰদান কৰে । তেওঁ কয় যে সতেজ আহাৰ, ফলমূল আদিত কিছুমান উপকাৰী বেক্টেৰিয়া থকাৰ বিপৰীতে ফ্ৰীজত থোৱা বস্তুত কিছুমান অপকাৰী বেক্টেৰিয়াৰ সৃষ্টি হয় বাবে ফ্ৰীজত ৰখাটো অপকাৰী ।
তেওঁ কোৱা মতে দেশৰ ভিতৰত উত্তৰ-পূব অঞ্চলত স্তন কেন্সাৰ বেচিকৈ হয় আৰু এই অংশৰ লগত জৰিত হৈ তেওঁ গবেষণা চলাই আছে । তেওঁৰ বক্তব্যৰ অন্তত এটি প্ৰশ্নোত্তৰ শিতান আৰম্ভ হয় । উপস্থিত ৰাইজে কেন্সাৰ ৰোগ আৰু ইয়াৰ নিৰাময় বিষয়ত চিকিৎসকগৰাকীক কিছুমান প্ৰশ্ন সোধাত তেওঁ তাৰ যথাযথ উত্তৰ দিয়ে ।
প্ৰশ্ন উত্থাপন কৰে গোবিন্দ ফুকন, ধীৰেন ডেকা, মৃগেন শইকীয়া, দিপ্তী গোঁহাই, অৰ্জুন বৰুৱা আদিয়ে । শাখা সভাপতি বিমলা বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ আঁত ধৰে শাখা সম্পাদক দেবেন ডেকাই ।
Comments