তিনিচুকীয়া: ১৫ অক্টোবৰ: তিনিচুকীয়া জিলাত শান্তি শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত তিনিচুকীয়া জিলাত ১৪৪ ধাৰাৰ অধীনত তিনিচুকীয়া জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি জিলা প্ৰশাসনৰ অনুমতি অবিহনে পাঁচজনতকৈ অধিক লোক সমবেত হোৱা , জিলা প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।
ইফালে ৰাজহুৱা স্থানত উচ্চ স্বৰত মাইক বজোৱা , ৰাজহুৱা স্থানত লাঠি , অস্ত্ৰ লৈ থকা , জোঁৰ সমদল বাহিৰ কৰা, বলপূৰ্বক চাণ্ডা সংগ্ৰহ কৰা আদিৰ ক্ষেত্ৰতো নিশেধাজ্ঞা আৰোপ কৰিছে । আনহাতে, হেলমেট অবিহনে দুচকীয়া বাহন চলোৱা , বাইকত দুজন বহা , চিটবেল্ট অবিহনে গাড়ী চলোৱা আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে ।
আনহাতে, চৰকাৰী বাহিনী, আৰক্ষীৰ বাহিৰে কোনো লোকে অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াব নোৱাৰিব। আপত্তিজনক শ্লোগান দিব নোৱাৰিব। ১৪৪ ধাৰা চলি থকাৰ সময়ত কোনো লোকে আইন ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি অনুসৰি ১৮৮ ধাৰাৰে দণ্ডিত হ'ব বুলিও স্পষ্টকৈ জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ নৰসিং পৱাৰৰ দ্বাৰা স্বাক্ষৰিত এক নিৰ্দেশনাত উল্লেখ কৰিছে । পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলি সদৰী কৰিছে।
Comments