তিনিচুকীয়া: ১৫ অক্টোবৰ: চীন সীমান্তত অৰুণাচল প্ৰদেশৰ দুজন যুৱক ৰহস্যজনক সন্ধানহীন হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা ২৪ আগষ্টৰ পৰা ৰহস্যজনক ভাবে অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ পৰা নোহোৱা হৈ আছে।
পৰিয়ালৰ লোকে বিচাৰি থকাৰ বিপৰীতে অৰুণাচল প্ৰদেশ চৰকাৰেও বিচাৰ খোচাৰ কৰি অদ্যপি সন্ধান উলিয়াব পৰা নাই। যুৱক দ্বয়ক চীনা সৈন্যই উঠাই নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে। যুৱক দুজন আঞ্জাও জিলাৰ খোপা আৰক্ষীৰ অধীনৰ দুইলিয়াং গাঁওৰ কে তিক্ৰৰ পুত্ৰ বাটেলুম টিক্ৰ (৩৩)(Batelum Tikro) আৰু একে জিলাৰে খোপা আৰক্ষীৰ অধীনৰ চিপৰংগাম গাঁওৰ মাৰাংলুং মান্যুৰ পুত্ৰ ব্যাইংচু মান্যু (৩৫) (Bayingso Manyu) বুলি জানিব পৰা গৈছে।
দুয়োজন যুৱকে বন দৰৱ বিচাৰি যোৱা বুলি উল্লেখ কৰিছে। যুৱকদ্বয়ৰ সন্ধানহীন বিষয়টোৰ সন্দৰ্ভত অৰুণাচল প্ৰদেশত চাঞ্চল্যই বিৰাজ কৰিছে।
Comments