গুৱাহাটী, ১৬ অক্টোবৰ:আগন্তুক ১৭ অক্টোবৰত সমগ্ৰ দেশতে কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হ’ব আৰু ১৯ অক্টোবৰত ভোট গণনা । এই নিৰ্বাচনতেই সভাপতি পদত প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে ডিঙিত লৈ থকা এক বিশেষ যন্ত্ৰক লৈ এতিয়া হৈছে সৰ্বত্ৰে চৰ্চা ।
শশী থাৰুৰ বা অন্য বলীউড অভিনেতা আৰু অভিনেত্ৰীয়ে আজিকালি ডিঙিত এটা অচিনাক্ত গেজেট পিন্ধি থকা প্ৰায়ে দেখা পোৱা যায়। ইয়াক স্মাৰ্টফোন বুলি বহুতে ভুল কৰে কিন্তু ই আচলতে বায়ু প্ৰদূষণৰ পৰা সুৰক্ষিত কৰাৰ বাবে এক পৰিধানযোগ্য এয়াৰ পিউৰিফায়াৰহে।
কৰ'না মহামাৰীৰ ফলত ভাৰতৰ লগতে বিশ্বৰ জনগণে অগণন নতুন গেজেট ব্যৱহাৰ কৰিব শিকিছে। ৯,৯৯৯ টকা মূল্যৰ তথা উন্নত আয়নিক প্ৰযুক্তিৰে চালিত এই গেজেট বায়ু প্ৰদূষণৰ সময়ত বাহিৰলৈ ওলাই আহিব লগা লোকসকলৰ মাজত বহুল ভাৱে সমাদৃত হৈছে।
Comments