গুৱাহাটী, ১৪ অক্টোবৰঃ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কেও তেওঁৰ মন্তব্যৰ বাবে যথেষ্ট আলোচনাত থাকে। ইয়াৰ লগতে ছ'চিয়েল মিডিয়াত তেওঁৰ পোষ্টৰ বাবে, তেওঁ সমগ্ৰ বিশ্বতে শিৰোনামত থাকে। শেহতীয়াকৈ, তেওঁ এনে এক গোপন ৰহস্য প্ৰকাশ কৰিছে যাৰ বিষয়ে মানুহে বহু আগৰে পৰা জানিব বিচাৰি আছিল। দৰাচলতে, ইলনে নিজকে ধুনীয়া, ফিট আৰু তীক্ষ্ণ মগজুৰ হ'বলৈ কি কৰে সকলোবোৰ নিজ মুখে প্ৰকাশ কৰিছে।
এই বিষয়ত টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলনে টুইটাৰত লিখিছে যে,"উপবাস আৰু ৱেগোভি (Fasting and Wegovy)।" ইলনৰ এই কথাষাৰিৰ মানুহে কেৱল উপবাস শব্দটো বুজি পাইছিল, কিন্তু বহুলোকে ৱেগোভিৰ অৰ্থ বুজি পোৱা নাছিল।
প্ৰকৃততে, ৱেগোভি হৈছে এবিধ ঔষধ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে যোৱা বছৰ ৱেগোভি ঔষধটোক ওজন হ্ৰাসৰ ঔষধ হিচাপে অনুমোদন জনাইছিল। যদিও ইয়াক ডায়েবেটিচৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়, কিন্তু এতিয়া ই ওজন হ্ৰাস কৰা ঔষধ হিচাপে দ্ৰুতগতিত বিখ্যাত হৈ পৰিছে। ৱেগোভি হৈছে ডেনিছ ফাৰ্মাচিউটিকেল কোম্পানী ন'ভো নৰ্ডিস্কৰ (Novo Nordisk's) চিমাগ্লুটাইড ঔষধৰ এটা আপডেটেড সংস্কৰণ।
বিশেষজ্ঞসকলে কয় যে এই ঔষধে শৰীৰৰ ভোক লগা হৰমনৰ ভাৰসাম্য বজাই ৰাখে আৰু হজম প্ৰক্ৰিয়া হ্ৰাস কৰে যাতে দীঘলীয়া সময়ৰ বাবে ভোক নালাগে। অৱশ্যে, এই ঔষধটো সপ্তাহত এবাৰ মেদবহুলতাৰ সমস্যাত ভুগি থকা ব্যক্তিৰ শৰীৰত বেজী দিয়া হয় আৰু ৬৮ সপ্তাহত ওজন ১৫ ৰ পৰা ২০ শতাংশ হ্ৰাস হয়। বৰ্তমান, আন বহুতো লোকে এই ঔষধ ব্যৱহাৰ কৰা দেখা গৈছে। চিকিৎসকৰ পৰামৰ্শ আৰু নিৰ্দেশনাত ইয়াক ব্যৱহাৰ কৰিব পাৰি। আনকি বহুতো চেলিব্ৰিটিয়েও ওজন হ্ৰাসৰ বাবে এই ব্যয়বহুল ঔষধবিধ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে, যাৰ বাবে ইয়াৰ অভাৱ হ'ব ধৰিছে। এই ঔষধৰ এমাহৰ পালিৰ ব্যয় ১,২০০ ডলাৰ (প্ৰায় ৯৮ হাজাৰ টকা) ৰ পৰা ১,৫০০ ডলাৰ (প্ৰায় এক লাখ ২৩ হাজাৰ টকা) বুলি কোৱা হয়।
Comments