গুৱাহাটী,১৪ অক্টোবৰ:ৰাছিয়াৰ গোপন বেলট ভোটদানৰ দাবীক ভাৰতে নাকচ কৰিছে যদিও ইউক্ৰেইনৰ চাৰিটা অঞ্চলত ৰাছিয়াৰ চৰকাৰে অনুষ্ঠিত কৰা গণভোটক লৈ নিমাত হৈ থাকিল ভাৰত । গণভোটৰ পূৰ্বে ইউক্ৰেইনৰ ১৫ শতাংশ ভূখণ্ড ৰাছিয়াৰ সৈতে সংযুক্ত কৰাৰ পদক্ষেপক আন্তঃৰাষ্ট্ৰীয় মঞ্চই বৃহস্পতিবাৰে সম্পূৰ্ণকৈ নাকচ কৰিছে । ৰাছিয়াৰ বিৰুদ্ধে ১৯৩ জনীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ১৪৩ খন দেশে সমৰ্থন আগবঢ়ায়। বিপক্ষে মাত্ৰ ৫ টা ভোট আহিছিল । ভাৰতকে ধৰি ৩৫ খন দেশে ভোটদানৰ পৰা বিৰত থাকে । ইয়াৰ পূৰ্বে মস্কোৱে গোপন বেলটৰ দাবী কৰিছিল যদিও ভাৰতকে ধৰি ১০৭খন দেশে ইয়াৰ বিৰোধিতা কৰিছিল।
ইউক্ৰেইনৰ ডনেস্ক আৰু লুহানস্ক (একেলগে ডনবাছ নামেৰে জনাজাত)ৰ লগতে দখল কৰা অঞ্চল জাপ’ৰিজিয়া আৰু খেৰছনক যোৱা মাহত ভ্লাদিমিৰ পুটিনৰ চৰকাৰে গণভোটৰে অধিগ্ৰহণ কৰিছিল । মস্কোৱে দাবী কৰিছে যে সেই চাৰিটা অঞ্চলৰ ৮০ শতাংশতকৈ অধিক বাসিন্দাই ৰাছিয়াৰ সৈতে মিলিত হোৱাৰ সপক্ষে ভোট দিছিল । ২০১৪ চনত ৰাছিয়াই একেধৰণৰ গণভোট অনুষ্ঠিত কৰি দক্ষিণ ইউক্ৰেইনৰ ক্ৰিমিয়া দখল কৰিছিল । প্ৰসংগক্ৰমে যোৱা আগষ্ট মাহত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ অনা প্ৰস্তাৱক সমৰ্থন কৰিছিল ভাৰতে ।
Comments