গুৱাহাটী,১৪ অক্টোবৰ : অৱশেষত অন্ত পৰিল মহিলা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অপেক্ষা। সকলো জল্পনা-কল্পনা নস্যাৎ কৰি বি চি চি আয়ে প্রতিযোগিতাখন আয়োজন কৰাটো নিশ্চিত কৰিছে। আগন্তুক বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'বলগীয়া মহিলা টি-২০ বিশ্বকাপৰ ঠিক পিছতেই এই প্রতিযোগিতাখন আয়োজন হ'ব।
অৱশ্যে দুখৰ বিষয়টো হ'ল যে মহিলা আই পি এলৰ প্ৰথম ছিজন ২টা স্থানতহে অনুষ্ঠিত হ'ব। ২২খন মেচৰ এই মেগা ইভেণ্টত প্ৰতিটো দলৰ ১৮ জনকৈ খেলুৱৈ থাকিব। একে সময়তে ১৮ জন খেলুৱৈৰ ভিতৰত ৬গৰাকী খেলুৱৈ হ'ব বিদেশী। উল্লেখ্য যে মহিলা আই পি এলত ৫টা দলৰ নিলাম কৰিব বি চি চি আয়ে। সেয়ে দুটাকৈ পৰিকল্পনাৰ ওপৰত দৃষ্টি ৰাখিছে বি চি চি আয়ে।
প্রথমে দলসমূহ দেশৰ ৬টা জ'নত নিলাম কৰিব। প্ৰতিটো মণ্ডলৰ পৰা কেইবাখনো চহৰ নিৰ্বাচন কৰিব সংস্থাটোৱে। উত্তৰ মণ্ডলৰ পৰা ধৰ্মশালা, জম্মু, পশ্চিমৰ পৰা পুনে, ৰাজকোট, মধ্যৰ পৰা ইণ্ডোৰ, নাগপুৰ, ৰায়পুৰ, পূবৰ পৰা ৰাঁচী, কটক, দক্ষিণৰ পৰা কোচি, বিশাখাপট্টনম আৰু উত্তৰ-পূব মণ্ডলৰ পৰা গুৱাহাটী হোৱাৰ সম্ভাৱনা আছে। ইফালে দ্বিতীয় পৰিকল্পনাত দলসমূহ জ’নসমূহত বিক্ৰী কৰিলেও কিন্তু কোনো ঘৰুৱা ভিত্তি নাথকিব। মেচসমূহ আহমেদাবাদ, বেংগালুৰু, চেন্নাই, দিল্লী, কলকাতা আৰু মুম্বাইত অনুষ্ঠিত হ'ব।
Comments