গুৱাহাটী,১৪ অক্টোবৰ:ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ পৰা অব্যাহতি ল'লেও সৌৰভ গাংগুলীয়ে প্ৰশাসনিক জীৱনৰ পৰা অৱসৰ এতিয়াই ল'ব বিচৰা নাই । বৰং ক্ৰিকেট জীৱনৰ দৰেই তেওঁ আগৰ ফৰ্মলৈ উভতি অহাৰ পথ বিচাৰিবলৈ আৰম্ভ কৰিছে । ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ পৰা অৱহেলিত আৰু অপমানিত সৌৰভ গাংগুলীয়ে পশ্চিমবঙ্গৰ ৰাজ্যিক ক্ৰিকেট সংস্থা অৰ্থাৎ কেবৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ চিন্তা চৰ্চা চলিছে ।
বৃহস্পতিবাৰে কেবলৈ অহাৰ সময়তো তেওঁ এই সিদ্ধান্তৰ ইংগিত দিছিল। কেবৰ সদস্যসকলে কয় যে যদি বিৰোধী গোটসমূহ কেবত সক্ৰিয় ভূমিকা ল'ব বিচাৰে আৰু শীঘ্ৰে ইডেনত নিৰ্বাচন আহ্বান কৰা হয় তেন্তে কোনো সংকোচ নকৰাকৈ তেওঁ সভাপতিৰ পদত প্ৰতিদ্বন্দিতা কৰিব পাৰিব ।
ইফালে সৌৰভে যদি আই চি চিৰ পেনেললৈ যাব লগা হয় তেন্তে তেওঁ বিজেপিৰ হাইকমাণ্ডৰ অনুমোদন লাভ কৰিব লাগিব আৰু ইয়াক পাবলৈ তেওঁ দলক কিবা এটা প্ৰতিশ্ৰুতি দিব লাগিব। কিন্তু সৌৰভে এতিয়াই ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিব নিবিচাৰে । এতিয়া সৌৰভ গাংগুলীৰ পৰৱৰ্তীৰ পদক্ষেপ হ'ব লক্ষণীয় । ৰাজনীতিৰ পথাৰত আংশিক ভাৱে সৌৰভে প্ৰৱেশ কৰাৰ বাদে তেওঁৰ ওচৰত অন্য গত্যন্তৰ নাই ।
Comments