গুৱাহাটী, ১৪ অক্টোবৰ:নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছতো ব্যাপক তৎপৰতা আৰম্ভ হৈছে । নিৰ্বাচনৰ বাবে গুৱাহাটীৰ ৰাজীৱ ভৱনো সাজু হৈছে । কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি নিৰ্বাচনত অসমৰ ২৮০ গৰাকী প্রতিনিধিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব । দলীয় ভোটাৰৰ সমৰ্থন বিচাৰি ইতিমধ্যে ১০ অক্টোবৰত অসমলৈ আহি গৈছে সভাপতি পদৰ এগৰাকী প্ৰাৰ্থী মল্লিকার্জুন খাৰ্গে । এতিয়া আহিব আনগৰাকী প্ৰাৰ্থী শশী থাৰুৰ । কাইলৈ অৰ্থাৎ শনিবাৰে প্ৰচাৰৰ বাবে আহিব শশী থাৰুৰ । এই কথা জানিবলৈ দিয়ে প্রদেশ কংগ্ৰেছৰ মিডিয়া বিভাগে ।
মিডিয়া বিভাগে জনোৱা মতে, ১৫ অক্টোবৰত শশী থাৰুৰ প্ৰচাৰৰ বাবে গুৱাহাটীলৈ আহিব । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ প্রার্থী, প্রাক্তন মন্ত্রী, সাংসদ শশী থাৰুৰে কাইলৈ বিয়লি ৪.৩০ বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব । ইয়াৰ পাছত সন্ধিয়া ৫.৩৫ বজাত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্রতিনিধিসকলৰ সভাত অংশগ্রহণ কৰিব আৰু সন্ধিয়া ৬.৩০ বজাত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিব । সন্ধিয়া ৭.৩০ বজাত তেওঁ প্ৰদেশ কংগ্ৰেছৰ যুৱ প্ৰতিনিধিসকলেৰে বাৰ্তালাপ কৰিব আৰু নিশা ৮.৩০ বজাত কংগ্ৰেছৰ জ্যেষ্ঠ প্রতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হ'ব ।
Comments