গুৱাহাটী, ১৯ অক্টোবৰঃ বলীউড অভিনেতা ৰণবীৰ সিঙে আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। এইবাৰ তেওঁ চলচ্চিত্ৰ বা সাজ-পোছাকৰ বাবে নহয় বৰঞ্চ গাড়ীৰ বাবে বিতৰ্কত সাঙোৰ খাইছে। শেহতীয়াকৈ ৰণবীৰ সিঙক মুম্বাই বিমানবন্দৰত দেখা গৈছিল। য'ত তেওঁক এষ্টন মাৰ্টিন কোম্পানীৰ গাড়ী চলাই থকা দেখা গৈছিল। ৰণবীৰৰ এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। বিশেষ সূত্ৰযোগে জানিব পোৱা অনুসৰি এই গাড়ীখনৰ মূল্য প্ৰায় ৩.৯ কোটি টকা।
ইপিনে, ৰণবীৰ বিপদত পৰাৰ প্ৰকৃত কাৰণটো হ'লে, সামাজিক মাধ্যমত গুপ্তা আন্না নামৰ এজন লোকে ৰণবীৰৰ ভিডিঅ'টোৰ স্ক্ৰীণশ্বট টুইটাৰত শ্বেয়াৰ কৰি লিখিছিল যে, "মুম্বাই আৰক্ষীয়ে অভিনেতা ৰণবীৰ সিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। তেওঁ গাড়ীখনৰ বীমা নকৰাকৈ চলাই আছিল। এই গাড়ীখনৰ বীমা ২৮ জুন, ২০২০ তাৰিখে উকলি গৈছে। এতিয়া বীমা অবিহনে এনেদৰে গাড়ী চলোৱাটো যান-বাহনৰ নিয়মৰ উলংঘন।"
ইপিনে, ব্যক্তিগৰাকীৰ টুইটৰ প্ৰত্যুত্তৰত মুম্বাই আৰক্ষীয়ে লিখিছে যে, "আমি এই বিষয়ে যান-বাহন শাখাক অৱগত কৰিছো।" ইয়াৰ লগতে আন এজন ব্যক্তিয়ে লিখিছে যে, "কেৱল ভিভিআইপি লোকসকলক ইমান সুবিধা কিয় দিয়া হয়?" এনেদৰে সামাজিক মাধ্যমত অভিনেতা গৰাকীক বিভিন্নজনে সমালোচনা কৰিবলৈ ধৰিছে।
Comments