গুৱাহাটী,১৮ ছেপ্টেম্বৰ:পদচ্যুত হোৱাৰ পিছত পূৰ্বৰ আসন দখল কৰাৰ যুঁজত ইমৰাণ খানে কৰিছে শক্তিশালী প্ৰত্যাৱৰ্তন । পাকিস্তানৰ উপ-নিৰ্বাচনত ইমৰাণ খান নেতৃত্বাধীন পাকিস্তান তেহৰিক-ই-ইনছাফে বৃহৎ জয়লাভ কৰে। সেই দেশত দেওবাৰে ইমৰাণৰ দলটোৱে ৰাষ্ট্ৰীয় বিধানসভাৰ ৮খন আসনৰ ভিতৰত ৬খন আসনেই লাভ কৰে। ইয়াৰে পিটিআইয়ে ৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। আনহাতে, পঞ্জাৱ বিধানসভাৰ তিনিওটা উপ-নির্বাচনতে পিটিআইয়ে জয়লাভ কৰে ৷ ফলত দেশৰ শাসকীয় মিত্ৰজোঁটত এক প্ৰৱল জোকাৰণি হয় ।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ পাকিস্তান মুছলিম লীগ (নৱাজ) বা পিএমএলএন দলে কেৱল শ্বেইখুপুৰাৰ উপ-নিৰ্বাচনতহে জয়লাভ কৰিছে। কিন্তু কৰাচী, মুলতানৰ দৰে গুৰুত্বপূৰ্ণ কেন্দ্ৰত ইমৰাণৰ দলটো পৰাজিত হয়। সেই দুটা কেন্দ্ৰত পাকিস্তান পিপলছ পাৰ্টিয়ে জয়লাভ কৰিছিল।প্ৰসংগক্ৰমে চলিত বৰ্ষৰ এপ্ৰিল মাহত ইমৰাণ খানক ক্ষমতাচ্যুত কৰা হৈছিল। তেতিয়াৰ পৰায়ে ইমৰাণ-অনুগামীসকলে শ্বাহবাজ চৰকাৰক অপসাৰণ কৰিবলৈ উঠি পৰি লাগিছে । দেশৰ বিভিন্ন প্ৰান্তত পিটিআইৰ বৈঠক অনুষ্ঠিত হয় । ইয়াৰ পিছত এই উপ-নিৰ্বাচনত ইমৰাণৰ দলৰ প্ৰায়বোৰ আসনত জয় লাভ কৰে ।
Comments