Cartoon
View Older
গুৱাহাটী,১৭ ফেব্ৰুৱাৰী:বিচিচিআইৰ ৯১ তম বাৰ্ষিক সাধাৰণ সভাত মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ৰ'জাৰ বিন্নী । কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাৰ সভাপতি বিন্নীয়ে ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব । ইপিনে,অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবেও আহিছে এক সুখবৰ । অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া বিচিচিআইৰ যুটীয়া সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।
আনহাতে,গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে বিচিচিআইৰ সচিব হিচাপে পুনৰ নিৰ্বাচিত হৈছে । তদুপৰি ৰাজীৱ শুক্লাও ব'ৰ্ডৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে । সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা বিচিচিআইৰ আন বিষয়ববীয়সকলৰ ভিতৰত আছে আশীষ শ্বেলাৰ(কোষাধ্যক্ষ)। ইপিনে,বিদায়ী কোষাধ্যক্ষ অৰুণ ধুমল আই পি এলৰ নতুন অধ্যক্ষ হ'ব ।
Comments