গুৱাহাটী, ১৮ অক্টোবৰঃ অসামৰিক বিমান পৰিবহন সঞ্চালকালয় চমুকৈ ডিজিচিএয়ে কেদাৰনাথ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে, য'ত পাইলটসহ সাতজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। ডিজিচিএৰ এজন জ্যেষ্ঠ বিষয়াই উক্ত ঘটনা সন্দৰ্ভত কৈছে যে, "আমাৰ এটা দল সোনকালেই দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হ'ব যাতে বিতংভাৱে অনুসন্ধান কৰিব পাৰে।"
ইপিনে, পুৱা প্ৰায় ১১.৪০ বজাত ৰুদ্ৰপ্ৰয়াগৰ গৰুড় চাট্টিৰ ওচৰৰ কেদাৰনাথ তীৰ্থস্থানৰ পৰা উৰণৰ পিছত তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া সময়ত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ পূৰ্বে, চলিত বৰ্ষৰ আগষ্ট মাহত কেদাৰনাথলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া পাঁচজন হেলিকপ্টাৰ অপাৰেটৰক বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) ৫ লাখ টকাৰ জৰিমনা বিহা হৈছিল। সঠিক উৰণ ৰেকৰ্ড বজাই নৰখাৰ বাবে অপাৰেটৰসকলক জৰিমনা বিহা হৈছিল। লগতে ডিজিচিএয়ে সুৰক্ষা নিয়ম অমান্য কৰাৰ বাবে আন দুজন অপাৰেটৰ সহ বিষয়াক তিনি মাহৰ বাবে নিলম্বন কৰিছিল।
Comments