গুৱাহাটী,১৮ অক্টোবৰ :সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ এক আদৰণীয় পদক্ষেপ । ধেমাজিৰ তিনিগৰাকী যুৱ খেলুৱৈক সম্বৰ্ধনা জনালে সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদে । পৰিষদৰ এই পদক্ষেপক আদৰণি জনালে খেলুৱৈ তথা ৰাইজে । ধেমাজিৰ তিনিগৰাকী যুৱ খেলুৱৈক সম্বৰ্ধনা জনালে সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদে । পৰিষদৰ এই পদক্ষেপক আদৰণি জনালে খেলুৱৈ তথা ৰাইজে ।
উল্লেখ্য যে সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদে বিভিন্ন সময়ত প্ৰতিভাৱান যুৱক-যুৱতী, খেলুৱৈ আৰু মেধাৱী শিক্ষাৰ্থীসকলক উদগনি জনোৱাৰ উদ্দেশ্যে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে । তাৰ এক অংশস্বৰূপে ক্ৰীড়াক্ষেত্ৰৰ জৰিয়তে গৌৰৱ কঢ়িয়াই অনা বিভিন্নজনকো সন্মান জনাই আহিছে পৰিষদে । পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাজ্য, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা প্ৰতিভাৱান খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে নগদ ধনেৰে সন্মানিক কৰি আহিছে ।
Comments