Cartoon
View Older
গুৱাহাটী,১৮ অক্টোবৰ:তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ মৃত্যুৰ তদন্ত প্ৰতিবেদন মঙলবাৰে অৰুমুগাস্বামী আয়োগে দাখিল কৰে ৷ এই তদন্ত প্ৰতিবেদন দাখিলৰ পাছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আয়োগে দাবী কৰা মতে সঠিক চিকিৎসা প্ৰদান কৰিলে জয়াললিতাৰ জীৱন ৰক্ষা কৰিব পৰা হ’লহেঁতেন ।
অৰুমুগাস্বামী আয়োগে জয়ললিতাৰ ব্যক্তিগত চিকিৎসক কে এছ শিৱকুমাৰ, তদানীন্তন স্বাস্থ্য সচিব ৰাধাকৃষ্ণণ আৰু স্বাস্থ্যমন্ত্ৰী চি বিজয়ভাকৰ লগতে শশীকলাৰ বিৰুদ্ধে তদন্তৰ আহ্বান জনায় ৷ তদন্ত সমিতিৰ প্ৰতিবেদন মঙলবাৰে ৰাজ্যিক বিধানসভাতো উত্থাপন কৰা হৈছিল । অৰুমুগাস্বামী আয়োগৰ এই প্ৰতিবেদনৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এআইএডিএমকেৰ বহিষ্কৃত নেত্ৰী শশীকলাই ৷ শশীকলাই অৰুমুগাস্বামী আয়োগৰ প্ৰতিবেদনত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ নস্যাৎ কৰে ৷
Comments