গুৱাহাটী, ১৯ অক্টোবৰঃ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত যোৱা চাৰি মাহ ধৰি কাৰাগাৰত বন্দী হৈ থকা চান্দনী শ্বেখ বাংলাদেশৰ ঢাকাৰ এগৰাকী মহিলাই ৰাজ্যৰ এখন কাৰাগাৰত সন্তান জন্ম দিছে।
কাৰাগাৰৰ বিষয়াসকলৰ মতে, দুবছৰ আগতে মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে কোনো বৈধ নথি-পত্ৰ অবিহনে ত্ৰিপুৰা সীমান্তৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল। পিছত, দম্পতীহালে কামৰ সন্ধানত মুম্বাইলৈ যায়, কিন্তু চান্দনীয়ে গৰ্ভধাৰণ কৰাৰ লগে লগে স্বামীয়ে তেওঁক অবৈধ উপায়েৰে এজন আত্মীয়ৰ সৈতে পঠিয়াইছিল। কিন্তু, বৈধ ভিছা আৰু পাছপোৰ্ট অবিহনে ভ্ৰমণ কৰাৰ বাবে কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰেল ষ্টেচনত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। পৰৱৰ্তী সময়ত মহিলাগৰাকীক আদালতত হাজিৰ কৰোৱা হয় আৰু দণ্ডাধীশে তেওঁক ট্ৰাঞ্জিট কেম্পলৈ পঠিয়াই দিয়ে।
চান্দনী শ্বেখ আৰু তেওঁৰ আত্মীয় যোৱা কেইমাহমান ধৰি কৰিমগঞ্জ জিলা কাৰাগাৰত আছে। ইয়াৰ মাজতে কৰিমগঞ্জৰ যুটীয়া স্বাস্থ্য সঞ্চালক চামছুল আলমে কয় যে, "কেইদিনমান আগতে কাৰাগাৰ লৈ যাওঁতে মোক বাংলাদেশী কয়েদীজনৰ বিষয়ে অৱগত কৰা হৈছিল। দুদিন আগতে যেতিয়া মহিলাগৰাকী প্ৰসৱৰ বেদনা আৰম্ভ হোৱাত কাৰাগাৰ কৰ্তৃপক্ষই ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে। মহিলাগৰাকীয়ে সোমবাৰে এটা লৰা সন্তান জন্ম দিয়ে। পিছত মাক-সন্তানসহ দুয়োকে কাৰাগাৰলৈ ঘূৰাই পঠোৱা হয়।
Comments