ধেমাজি , ১৯ অক্টোবৰ:: অসম প্ৰকাশন পৰিষদ , সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ধেমাজিত প্ৰথম বাৰৰ বাবে আয়োজিত অসম গ্ৰন্থমেলা ধেমাজি -২০২২ ৰ লাইখুটা আজি ধেমাজিৰ কাছাৰী ময়দানত স্থাপন কৰা হয় ৷ বিশিষ্ট লেখক, প্ৰবীন সাংবাদিক, সমাজকৰ্মী উমেশ চেতিয়া, বিশিষ্ট লেখক ,শিল্পী ড° পুষ্প গগৈ, আৰু মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি এই কাৰ্য্যসুচীৰ সম্পন্ন কৰে ৷
ধেমাজি চহৰৰ আগশাৰীৰ ব্যক্তি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা সদাশয় লোকৰ উপস্থিতিত গ্ৰন্থমেলাৰ লাইখুটা স্থাপন কৰি লেখক উমেশ চেতিয়াই ধেমাজি চহৰত গ্ৰন্থমেলাৰ আয়োজন কৰি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এক নতুন যাত্ৰাৰ শুভাৰম্ভ কৰিছে ৷
ধেমাজি চহৰত গ্ৰন্থমেলাৰ এই বৃহৎ পৰিসৰৰ আয়োজনে কেৱল গ্ৰন্থ জগতলৈকে যে শুভ বাৰ্তা কঢ়িয়াই আনিব এনে নহয় সমগ্ৰ জিলাখনতে নতুন উদ্দীপনাৰ সৃষ্টি কৰিব ৷ এনে মহৎ চিন্তাৰ বাবে দুয়োটা প্ৰতিষ্ঠানলৈ ধন্যবাদ জ্ঞাপন কৰি অসম গ্ৰন্থমেলা ধেমাজিৰ সফলতা কামনা কৰে ৷
অনুষ্ঠানৰ আন এগৰাকী বিশিষ্ট অতিথি ড° পুষ্প গগৈয়ে অসম গ্ৰন্থমেলা, ধেমাজিয়ে ধেমাজিবাসীৰ মনত নতুন প্ৰেৰণা সৃষ্টি কৰিব বুলি মন্তব্য প্ৰকাশ কৰি ড° গগৈয়ে ধেমাজিৰ দৰে এখন প্ৰান্তীয় জিলাত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলা আয়োজন কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনায় আৰু গ্ৰন্থমেলাৰ সফলতা কামনা কৰি সকলো ফালৰ পৰা সহযোগিতা আগ বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷
গ্ৰন্থমেলাৰ লাইখুটা স্থাপনৰ আন এগৰাকী অতিথি মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ধেমাজিত গ্ৰন্থমেলা আয়োজন কৰি সমগ্ৰ জিলাখনকে নতুন চিন্তাৰে উদ্বুদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰিছে ৷ বানে গৰকা বিভিন্ন সমস্যাৰে আক্ৰান্ত এই জিলাখনত মহা পয়োভৰৰে গ্ৰন্থমেলা আয়োজন কৰিবলৈ লোৱা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা সকলোৰে কৃতজ্ঞতাৰ পাত্ৰ হৈছে বুলি উল্লেখ কৰে ৷
মুকুতা'ৰ সহযোগী সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানৰ প্ৰাৰম্ভতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজিৰ লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থকা গ্ৰন্থপ্ৰেমী ৰাইজক সম্বোধন কৰি ধেমাজিত অসম গ্ৰন্থমেলা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰি আদৰণি ভাষণ প্ৰদান কৰে ৷ কলিতাই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যুটীয়াভাৱে গ্ৰন্থমেলা আয়োজন সন্দৰ্ভত সবিশেষ ব্যক্ত কৰি কেবল গুৱাহাটীতেই গ্ৰন্থমেলা আৱদ্ধ নাৰাখি ৰাজ্যখনৰ ভিন্ন প্ৰান্তলৈ বিস্তাৰ কৰাৰ চৰকাৰৰ যি প্ৰয়াস তাক সফল ৰূপায়ণৰ চেষ্টা কৰা হৈছে বুলি আলোকপাত কৰে ৷
ধেমাজিৰ লগতে যোৰহাট, নলবাৰী, গুৱাহাটী আৰু বঙাইগাঁৱত অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি সম্পৰ্কেও সচিব কলিতাই অৱগত কৰে ৷
আজিৰ অনুষ্ঠানত ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী, বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা, অসম সাহিত্য সভাৰ কাৰ্যনিবাহক সদস্য নন্দেশ্বৰ বৰগোহাঁই, জিলা সাহিত্য সভাৰ সভাপতি বিনীতা চৌধুৰী গাৰোদিয়া, সম্পাদক ৰনজিৎ চিৰিং, উন্নয়ন খণ্ডৰ বিষয়া ধেমাজি নবীন কামান, নিবন্ধকাৰ বগেন গগৈ, সাহিত্যিক পেঞ্চনাৰ বিমল ৰাজখোৱা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা, আটাছুৰ যুটীয়া সম্পাদক মনোজ গগৈ, সদৌ অসম নাট্য সন্মিলনৰ বলীন বৰগোহাঁই অসম বিজ্ঞান সমিতিৰ ধেমাজি শাখাৰ সমন্বয়ক লাবণ্য লাহন চুতীয়া, বিহু সুৰক্ষা সমিতিৰ সভাপতি বুদ্ধেশ্বৰ কোঁৱৰ, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী দুৱৰা, সম্পাদক জিতু শইকীয়া , নেচাৰ্চ বেকনৰ ধেমাজিৰ সমন্বয়ক যুগল সন্দিকৈ, পিচিপিডিৰ সাংগঠনিক সম্পাদক দীপক ভড়ালী, জ্যেষ্ঠ সাংবাদিক কবি মৃদুপৱন চুতীয়াকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
Comments