Cartoon
View Older
গুৱাহাটী, ১৭ অক্টোবৰ:সোমবাৰে পুৱা দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱালৰ বাসগৃহত কোনো অচিনাক্ত দুৰ্বৃত্তই লুটপাত চলায়।তেওঁৰ ঘৰত ৰখাই থোৱা বাহনসমূহো দুৰ্বৃত্তই ক্ষতিগ্ৰস্ত কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্বাতি মালিৱালে ।
দিল্লী আৰক্ষীৰ টুইটাৰ হেন্দেলক টেগ কৰি মালিৱালে কয়,"আমি আজি ৰাতিপুৱা ঘৰত নাছিলোঁ,নহ'লে সিহঁতে হয়তো আমাকো আক্ৰমণ কৰিলে হেঁতেন ।"এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্য পুংখানুপুংখ তদন্তৰ পিছতহে জানিব পৰা যাৱ । মালিৱালে তেওঁৰ কৰ্মশৈলী আৰু বক্তব্যৰ বাবে প্ৰায়ে ভাবুকিৰ সন্মুখীন হৈ আহিছিল । বিগত সময়ত মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে ছ’চিয়েল মিডিয়াত ধৰ্ষণৰ ভাবুকি দিয়া বুলিও দাবী কৰিছিল। তেওঁ লগতে কয় যে ৰিয়েলিটি শ্ব’ বিগ বছত ছাজিদ খানৰ প্ৰৱেশত আপত্তি কৰাৰ বাবেই তেওঁৰ লগত এনেকুৱা হৈছে।
Comments