গুৱাহাটী, ১৭ অক্টোবৰ:জয়পুৰৰ বিৰাট নগৰ গাঁও নৱৰণপুৰাত ‘শিশু বিবাহ মুক্ত ভাৰত’ৰ বাবে দেশজোৰা অভিযান আৰম্ভ কৰিলে কৈলাশ সত্যাৰ্থীয়ে । ছোৱালীৰ বিবাহযোগ্য বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ধাৰণাক সমৰ্থন জনাইছে শান্তিৰ নোবেল বঁটা বিজয়ী কৈলাশ সত্যৰ্থীয়ে । দেওবাৰে এই উপলক্ষে ভাষণ দি তেওঁ কয়, "মই ভাৰত চৰকাৰৰ ছোৱালীৰ বিবাহযোগ্য বয়স ১৮ৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱক সমৰ্থন কৰিছো। মই সকলো কেটাৰিং পাৰ্টি, ডেকোৰেটাৰ, বেংকুৱেট হলৰ মালিক, বেণ্ড আদিক আহ্বান জনাইছো যে এনেধৰণৰ বাল্য বিবাহত তেওঁলোকে কেতিয়াও সেৱা আগবঢ়াব নালাগে আৰু এই অপৰাধমূলক কাৰ্য্যত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে ।"
লাইবেৰিয়াৰ পৰা অহা আৰু এই অনুষ্ঠানত উপস্থিত থকা আন এগৰাকী নোবেল বিজয়ী লেইমাহ গ্বোৱেই কয় যে, "বাল্য বিবাহ হৈছে এক ভয়ংকৰ প্ৰথা যিটো বিশ্বজুৰি বিদ্যমান। আমি এই মানৱ অধিকাৰ উলংঘাৰ অন্ত পেলাব লাগিব। আমাৰ সামূহিক মানৱতাই ইয়াৰ দাবী কৰিছে।"বাল্যবিবাহৰ বিৰুদ্ধে জনসচেতনতা বৃদ্ধিৰ বাবে এতিয়ালৈকে সৰ্ববৃহৎ অভিযানৰ নেতৃত্ব দিব কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেচনে। অভিযানৰ অংশ হিচাপে মহিলা আৰু ছোৱালীয়ে ২৬খন ৰাজ্যৰ ৫০০ৰো অধিক জিলাৰ পৰা প্ৰায় ১০ হাজাৰ গাঁৱত লেম্প জ্বলাই, টৰ্চলাইট শোভাযাত্ৰাত ৰাইজৰ নেতৃত্ব দিব । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ২ কোটি লোকে এই অভিযানৰ আৰম্ভণিতে অংশগ্ৰহণ কৰি বাল্য বিবাহৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।
Comments