গুৱাহাটী,১৭ অক্টোবৰ :সাধাৰণতে আমাৰ সমাজত শহুৰেকক পিতৃৰ স্থান দিয়া হয় ৷ কিন্তু যেতিয়া এই পিতৃয়ে পাষাণৰ ৰূপ লয় তেতিয়াই নাৰী নিৰ্যাতনৰ দৰে জঘন্য সংঘটিত হয় ৷ এইবাৰ ৰঙিয়াত সংঘটিত অনুৰূপ ঘটনা ৷ সুদীৰ্ঘ ৯ বছৰ ধৰি শহুৰেকৰ কামনাৰ বলি হৈ আহিছে এগৰাকী দুৰ্ভগীয়া বোৱাৰী৷
ঘটনা অনুসৰি যোৱা ১০ বছৰৰ পূৰ্বে ৰঙিয়াৰ তুলসীবাৰীৰ এজন লোকৰ পুত্ৰৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল ১৪ বছৰীয়া কিশোৰীগৰাকীৰ ৷ তাৰ পিছতেই দুয়ো নিজৰ সম্পৰ্কক স্বীকৃতি দিবলৈ এখন সুখৰ সংসাৰৰ সপোন দেখি যুৱকজনৰ লগত বিবাহপাশত অৱদ্ধ হয় ৷ কিন্তু বিবাহৰ এবছৰৰ পিছতে দুৰ্ভগীয়া বোৱাৰীগৰাকীৰ জীৱনলৈ নামি আহিল অমানিশা ৷বিয়াৰ এবছৰৰ পিছতে এদিন পুত্ৰ ঘৰত নথকাৰ সুযোগ বুজি ৪৮ বছৰীয়া শহুৰেকে বোৱাৰীয়েকক উপৰ্যুপৰি ধৰ্ষণ কৰে ৷
বোৱাৰীয়েকে শহুৰেকৰ এই কাণ্ডত চিঞৰ বাখৰ কৰিবলৈ লওঁতেই বোৱাৰীয়েকক এই ঘটনাৰ কথা অন্য কাকো নকবলৈ ধমকি দিয়ে শহুৰেকে ৷ আনকি বোৱাৰীয়েকগৰাকীৰ স্বামী তথা নিজ পুত্ৰকো এই কথা ক’লে প্ৰাণে মৰাৰ ভাবুকি দিয়ে ৷ভীতিগ্ৰস্ত হৈ বোৱাৰীয়েকে শহুৰেকৰ কথা কাৰো আগত প্ৰকাশ নকৰিলে ৷ পৰৱৰ্তী সময়ত বোৱাৰীয়েকৰ নীৰৱতাৰ সুযোগ লৈ প্ৰতিদিনে পুত্ৰ নোহোৱা সময়ত বোৱাৰীয়েকৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰে শহুৰেকে ৷
অৱশেষত অতিষ্ঠ হৈ এদিন স্বামীক শহুৰেকৰ অপকৰ্মৰ কথা কয় মহিলাগৰাকীয়ে ৷ কিন্তু পত্নীৰ কথা বিশ্বাস নকৰি স্বামীয়ে প্ৰতিদিনে পত্নীক মাৰধৰ কৰি শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰীয়েকগৰকীয়ে ৷অৱশেষত মৰণ শৰণ দি বোৱাৰীয়েকে শেহতীয়াকৈ এটা ম'বাইল ফোন যোগাৰ কৰি শহুৰেকৰ কু-কৰ্মৰ ঘটনা কেমেৰাত বন্দী কৰি ৰাখে ৷ তাৰ পিছতে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ধৰ্ষিতা বোৱাৰীয়েকে ৷ লগতে ম'বাইল ফোনত ৰেকৰ্ড কৰাভিডিঅ' ’টোকো প্ৰমাণ হিচাবে জমা দিয়ে ৷
আৰক্ষীয়ে মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত ৬৩৩/২২ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তুলসীবাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে শহুৰেক আৰু স্বামীক গ্ৰেপ্তাৰ কৰে । ধৃত দুয়োজনকে ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷
Comments