Cartoon
View Older
গুৱাহাটী,১৭ আগষ্ট:সমাপ্ত হ'ল এআইচিচি সভাপতি পদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । দেশৰ বিভিন্ন ঠাইৰ লগতে অসমৰ গুৱাহাটীৰ ৰাজীৱ ভৱনতো সোমবাৰে বিয়লি ৪ বজাত সমাপ্ত হয় এআইচিচিৰ সভাপতি পদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । বেলট বক্স লৈ ৰাজীৱ ভৱনৰ পৰা ওলাই গ'ল নিৰ্বাচনী বিষয়া ।
৮ বাজি ৩০ মিনিটত বিমানৰ জৰিয়তে বেলট বক্স লৈ যোৱা হ’ব দিল্লীলৈ ।ৰাজীৱ ভৱনত ভোটদান হ'ল সৰ্বমুঠ ৯৭ শতাংশ । অসমৰ ২৮১ জন ভোটাৰে সাব্যস্ত কৰিলে ভোটদান । অকন বৰাই মিজোৰামত আৰু ৰেকিবুদ্দিন আহমেদে শ্বিলংত ভোট দিয়াৰ বিপৰীতে ২৭৯ জনে ভোট দিলে অসমত । বলিন কুলী আৰু নজৰুল ইছলামে স্বাস্থ্যৰ অৱস্থা বেয়া বাবে ভোট দিব নোৱাৰিলে । সোমবাৰে পুৱা ১০ বজাৰ পৰা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ বাবে নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হয় ।
Comments