Cartoon
View Older
গুৱাহাটী, ১৮ অক্টোবৰঃ সোমবাৰে ৰাছিয়াৰ অত্যাধুনিক ড্ৰ'নযোগে চলোৱা বিস্ফোৰণৰ ফলত ইউক্ৰেইনৰ ৰাজধানী কিয়েভ কঁপি উঠিছে। ৰাছিয়াই কামিকাজে ড্ৰ'নযোগে আক্ৰমণ আৰম্ভ কৰে। তথ্য অনুসৰি, কিয়েভত ৫ টা বিস্ফোৰণৰ সংঘটিত হৈছে। যোৱা সপ্তাহত, ৰাছিয়াই ইউক্ৰেইনৰ কেইবাখনো চহৰত মিছাইলেৰে আক্ৰমণ কৰিছিল।
কামিকাজে ড্ৰ'নৰ আক্ৰমণ সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে কয় যে, "ৰাছিয়াই চলোৱা এই আক্ৰমণে তেওঁলোকৰ হতাশাক প্ৰদৰ্শন কৰে। দুয়োখন দেশৰ মাজত ৮ মাহ ধৰি যুদ্ধ চলি আছে আৰু এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে।
ইপিনে, কিয়েভ চহৰৰ মেয়ৰ ভিটালি ক্লিচকোৱে এই বিষয়ত কৈছে যে, "অগ্নি নিৰ্বাপক বিভাগে নিজৰ কাম কৰি আছে। বহুতো আৱাসিক অট্টালিকা ধ্বংস হৈছে। এই আক্ৰমণত কিমান লোক নিহত হৈছে সেই বিষয়ে তথ্য সংগ্ৰহ কৰি থকা হৈছে।
Comments