Cartoon
View Older
গুৱাহাটী,২০ অক্টোবৰ:সমাগত মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ । মাজুলীৰ ৰাস মহোৎসৱক লৈ নতুন পৰিকল্পনা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ । দুখন নতুন জাহাজ মাজুলী আৰু নিমাতীৰ মাজত চলাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক পাৰ্থ পেগুৱে । মাজুলীৰ আগন্তুক ৰাস মহোৎসৱৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে চলাব ৰাস দর্শনাৰ্থীৰ বাবে অতিৰিক্ত ফেৰী ।
মাজুলীত উপস্থিত হৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক পাৰ্থ পেগুৱে সংবাদ মাধ্যমৰ আগত এই কথা জনাইছে । ইয়াৰ বাবে অফলামুখ আৰু কমলাবাৰী পাৰঘাটত অতিৰিক্ত ৰেম্প তৈয়াৰ কৰিব । লগতে অতিৰিক্ত দুখন জাহাজ গুৱাহাটীৰ পৰা ৰাসৰ পূৰ্বে আহি মাজুলী পাব বুলি জনাইছে । ৰাসৰ সময়ত বিয়লি নিমাতীৰ পৰা শেষৰ ফেৰীখনৰ সময় হ'ব ৩.৩০ বজাত ।
Comments