গুৱাহাটী,২১ অক্টোবৰ:ৰাজ্য চৰকাৰে চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধীতা কৰিছে । এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিয়োগ প্ৰক্ৰিয়াৰ স্বচ্ছতা বৰ্তাই ৰখাৰ আহ্বান জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।তেওঁ কয় যে বিগত ২০১৫ চনৰ ২৫ অক্টোবৰত 'মন কি বাত' অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল যে দেশত চলি থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিয়োগ প্ৰক্ৰিয়াত সাক্ষাৎকাৰ পৰ্যায়ত হোৱা ব্যাপক দুর্নীতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল ।
সেইমৰ্মে তেওঁ উল্লেখ কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰত গোট 'ডি', গোট 'চি' আৰু গোট 'বি'ৰ অ-ৰাজপত্ৰিত পদসমূহৰ বাবে কোনো সাক্ষাৎকাৰ নাথাকিব ।এই নতুন নিৰ্দেশনা মোদীয়ে ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলিও লগতে প্ৰকাশ কৰিছিল । ইতিমধ্যেই ভাৰতৰ প্ৰায় ১৮ খন ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত অনুসৰণ কৰি আহিছে । তেনেস্থলত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিগত ১৮ অক্টোবৰত ঘোষণা কৰা চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফলৰ পিছত পুনৰ মাত্ৰ ৫ নম্বৰৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰিব বিচৰা কাৰ্যই প্ৰকৃততে এই নিয়োগ প্ৰক্ৰিয়া যে স্বচ্ছ আৰু নিকা কেতিয়াও নাছিল সেয়াই প্ৰমাণ কৰিছে বুলি তেওঁ অভিযোগ কৰে ।যি পৰীক্ষাৰ ফলাফলত কোনো প্ৰাপ্ত নম্বৰৰ সবিশেষ, কাট অফ মার্ক, কোনো জিলাভিত্তিক তালিকা অথবা একোৰে বিতং তথ্য দিয়া হোৱা নাই, তেনে এটা ধূসৰ ফলাফল ঘোষণা কৰি পৰীক্ষার্থীসকলক পুনৰ সাক্ষাৎকাৰৰ বাবে মাতি অনা কাৰ্য্যক তেওঁ গৰিহণা দিয়ে ।
Comments