গুৱাহাটী,১৯ অক্টোবৰ :দেশৰ লাখ লাখ ভক্তৰ বিশ্বাসৰ থলী তথা অন্যতম শক্তিপীঠ অসমৰ কামাখ্যা দেৱালয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিশেষ ঘোষণা । উচ্চতম ন্যায়ালয়ে এই শুনানিত কয় যে অসমৰ কামাখ্যা মন্দিৰ সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰা হোৱা নাই । পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আপোচ কৰা হৈছে বুলি উদ্বেগ প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে ।
মন্দিৰৰ তত্বাৱধান সম্পৰ্কীয় এটা বিষয়ৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অজয় ৰাস্তোগী আৰু চি টি ৰবিকুমাৰৰ বিচাৰপীঠে কামাখ্যা দেৱালয়ৰ পৰিচ্ছন্নতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । ন্যায়াধীশ ৰাস্তোগীয়ে কয় যে তেওঁ বন্ধৰ সময়ত তাত আছিল আৰু কামাখ্যা মন্দিৰ সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰা হোৱা নাই বুলি উল্লেখ কৰ।
এয়া তেওঁৰ ব্যক্তিগত মতামত বুলি উল্লেখ কৰি পৰিচ্ছন্নতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰিব নোৱাৰি বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে ।মন্দিৰ কৰ্তৃপক্ষৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধৱনে দাখিল কৰিছে যে এইটো এটা নিৰ্দিষ্ট ঘটনা য'ত একাংশ লোকে চাফ-চিকুণতাৰ ওপৰত প্ৰশ্ন তুলি পত্ৰ লিখিছে । তেওঁ আদালতক কয় যে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দৰে শীৰ্ষ পৰ্যায়ৰ প্ৰতিষ্ঠানে মন্দিৰৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি আছে । উচ্চতম ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানি ২০২৩ চনৰ জানুৱাৰীত নিৰ্ধাৰণ কৰিছে ।
Comments