গুৱাহাটী,১৯ অক্টোবৰ:যোৱা ডেৰ বছৰত আফগানিস্তানৰ বাসিন্দা মহম্মদ জাৰিফ জাফৰ আৰু তেওঁৰ পত্নী জামিলা জাফৰ হাইদৰীৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছে । বিগত ১৮ মাহ ধৰি আফগানিস্তানৰ কাবুলত থকা দম্পতীহালে তেওঁলোকৰ ছয় সন্তানৰ পৰা বিচ্ছিন্ন হৈ আছিল । তেওঁলোকৰ ছয় সন্তান আছিল দিল্লীত । বিগত ৫ বছৰে জাৰিফে পৰিয়ালৰ সৈতে নতুন দিল্লীত বসবাস কৰি আহিছে । পাঁচ বছৰ পূৰ্বে তেওঁ পত্নী আৰু সন্তানক লৈ ভাৰতলৈ আহিছিল । দিল্লীলৈ আহি বাদ্যযন্ত্ৰৰ ব্যৱসায় আৰম্ভ কৰিলে জাৰিফে । মাজে মাজে কাবুলৰ গৈ তেওঁৰ পিতৃ-পুৰুষৰ সম্পত্তিবোৰ চোৱাচিতা কৰে ।
একেদৰে প্ৰায় ডেৰ বছৰ পূৰ্বে জাৰিফ আৰু জামিলা তিনি সপ্তাহৰ বাবে আফগানিস্তানলৈ গৈ পূৰ্বপুৰুষৰ সম্পত্তি বিক্ৰী কৰিছিল,সেয়েহে তেওঁলোকে সন্তানক নতুন দিল্লীত থৈ গৈছিল। কিন্তু দম্পতীহাল আফগানিস্তানত অহাৰ কিছুদিনৰ ভিতৰতে সেই দেশৰ পৰিস্থিতি সলনি হ’ল। তেতিয়াৰ আফগান চৰকাৰ আৰু তালিবানৰ সংঘাতত বিধ্বস্ত হৈ পৰে দেশ । স্থগিত ৰখা হ’ল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। কাবুলত থাকিবলৈ বাধ্য হৈছিল দম্পতীহাল ।
আফগানিস্তানত দ্বিতীয়বাৰৰ বাবে তালিবান চৰকাৰ গঠনৰ পাছত দেশখনৰ পৰিস্থিতি উন্নত হৈছে যদিও জাৰিফ-জামিল দিল্লীলৈ ঘূৰি নাহিল। বাৰে বাৰে ভাৰতলৈ উভতি যাবলৈ চেষ্টা কৰিলেও সেই দেশৰ চৰকাৰে তেওঁলোকৰ ভিছা প্ৰদান কৰা নাছিল। তেতিয়াৰ পৰা দম্পতীহালে প্ৰতিদিনে দিল্লীলৈ ঘূৰি অহাৰ দিন হিচাপ কৰি আহিছে । কাবুলৰ এটা সংবাদ মাধ্যমৰ সৈতে কথা পাতি জাৰিফে কয় যে আমি আমাৰ সন্তানৰ লগত নাই। এয়াই আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখ। আমি এতিয়া আফগানিস্তানত আবদ্ধ হৈ পৰিলোঁ । আমাৰ সন্তান দিল্লীত অকলশৰীয়া । ইয়াতো আমি আমাৰ ঘৰটো বিক্ৰী কৰিছো । সেয়েহে এতিয়া আমি আত্মীয়ৰ লগত থাকিবলৈ বাধ্য । কিন্তু আমি ইয়াত মৃত্যুৰ ভাবুকি পাই আছো । ভয়তে দিনবোৰ পাৰ কৰি আহিছোঁ ।
Comments