গুৱাহাটী,২০ অক্টোবৰ:ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ এতিয়াও অব্যাহত আছে । যাৰ পৰিণতিত ইউক্ৰেইনৰ পৰিস্থিতি দিনক দিনে চৰম পৰ্যায়লৈ গতি কৰিছে । বিশ্বৰ বিভিন্ন দেশে শান্তি আলোচনাৰ বাবে আহ্বান জনোৱাৰ পাছতো ৰাছিয়া পক্ষই আক্ৰমণ বন্ধ কৰা নাই । এনে পৰিস্থিতিত ভাৰতীয় দূতাবাসে ভাৰতীয়সকলৰ বাবে এক গুৰুত্বপূৰ্ণ পৰামৰ্শ জাৰি কৰিছে।
ইউক্ৰেইনৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ নাগৰিকসকলক ইউক্ৰেইন ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে ভাৰতীয় দূতাবাসে । বুধবাৰে পৰামৰ্শ জাৰি কৰি দূতাবাসে ইউক্ৰেইনৰ শিক্ষাৰ্থীসহ ভাৰতীয় নাগৰিকসকলক যিমান সম্ভৱ সোনকালে ইউক্ৰেইন এৰি যাবলৈও পৰামৰ্শ দিছে ।
উল্লেখ্য যে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ চাৰিটা অঞ্চলত সামৰিক আইন ঘোষণা কৰে । সেই অঞ্চলবোৰ হৈছে লুহানস্ক, ডনেটস্ক, জাপোৰিজিয়া আৰু খেৰচন । এই ঠাইবোৰ ইতিমধ্যে ৰাছিয়াই অবৈধভাৱে দখল কৰিছে । সামৰিক আইন ঘোষণা কৰাৰ পাছত, ৰাছিয়াৰ সকলো অঞ্চলৰ মুৰব্বীসকলে অতিৰিক্ত জৰুৰীকালীন ক্ষমতা লাভ কৰিছে ।
Comments