গুৱাহাটী, ২০ অক্টোবৰ: ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিছে যদিও দৰমহা পইচাৰে নোজোৰে একাংশ চৰকাৰী কৰ্মচাৰীক । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ উৎকোচ নোলোৱাৰ কিন্তু নামানে একাংশ চৰকাৰ কৰ্মচাৰীয়ে । ফলত প্ৰায়ে ৰাইজৰ অভিযোগত আটক হৈছে এজনৰ পাছত আন এজন চৰকাৰী কৰ্মচাৰী । বুধবাৰে ৭০০ টকা উৎকোচ লৈ হাত দাঙিব লগা হ'ল ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈ আৰু দালাল পংকজ শইকীয়া ।
ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত বুধবাৰে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা সঞ্চালকালয়ৰ চলিছিল চাডেন অভিযান। এই অভিযানতেই এজন ব্যক্তিৰ পৰা ৭০০ টকা উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ হ'বলগীয়া হয় কনিষ্ঠ সহায়ক দিতিমণি গগৈ ।
অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি বিভাগৰ কাৰ্যালয়ত দিতিমণিয়ে দালাল পংকজ শইকীয়াক ঘনিষ্ঠৰূপে লৈ সহজ সৰল বাহন চালকৰ পৰা লুটি গৈছিল লক্ষ লক্ষ টকা ।কিন্তু মঙলবাৰে দিন বেয়া আছিল দিতিমণি গগৈ আৰু দালাল পংকজ শইকীয়াৰ । দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই দুয়োজনকে আটক কৰি কাৰ্যালয়ৰ ভিতৰতে সন্ধিয়ালৈকে চলায় মাৰাথন জেৰা ৷ ইয়াৰ পাছতে দিতিমণিৰ ডিব্ৰুগড়ৰ উদয়পুৰত থকা জে এছ বি ফ্লেটতো অভিযানকাৰী দলে চলালে অভিযান । প্ৰথম অৱস্থাত দিতিমণিৰ পুত্ৰই এই অভিযান চলোৱাত বাধা প্ৰদান কৰিছিল আৰক্ষীক । হাতত জাতীয় পতাকা লৈ বাধা দিছিল অভিযান চলোৱাত । কিন্তু আৰক্ষীয়ে আৰম্ভ কৰিলে দিতিমণিৰ গৃহত তীব্ৰ অভিযান । নিশা এপৰলৈকে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা দলে দিতিমণিক লগত লৈ তেওঁৰ গৃহত চলালে এই অভিযান । দিতিমণিৰ ফ্লেটৰ পৰা অভিযানকাৰী দলে উদ্ধাৰ কৰে প্ৰায় ৯,৩০,৫০০ টকা ।
ইয়াৰ পাছতে বিষয়াগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰাই গুৱাহাটী লৈ যোৱা হয় ৷ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ এই ঘটনাই পুনৰ উদঙাই দিলে চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ আচল স্বৰূপ । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো টকাৰ লোভ কমা নাই এইসকল চৰকাৰী বিষয়াৰ । লগতে দালালেই যে ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয় ভৰি আছে সেই কথাই পুনৰ প্ৰমাণ হ'ল । কিন্তু এটা চৰকাৰী কাৰ্যালয়ৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীৰ লগত এজন দালাল আটক হোৱা বিষয়টোৱে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে ।
Comments