গুৱাহাটী,২৪ অক্টোবৰ :শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠদেৱ শৰ্মাদেৱে ৷ তেখেতৰ নশ্বৰদেহ নিশাই বৰপেটাৰ সুন্দৰীদিয়াস্থিত বাসভৱনলৈ অনাৰ পাছত দেওবাৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।দেওবাৰে পুৱা প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ নশ্বৰদেহ তেখেতৰ বাসভৱনৰ পৰা উলিয়াই এক বৃহৎ সমদলেৰে সমগ্ৰ বৰপেটা পৰিভ্ৰমণ কৰা হয় ।
বাসভৱনৰ পৰা নশ্বৰদেহ পোনপ্ৰথমতে সুন্দৰীদিয়া সত্ৰলৈ নিয়া হয় । তাৰ পাছত ৰাখাল থান, চূণপোৰা ভিঠি থান, বৰপেটা বজাৰ আদি হৈ বৰপেটা সত্ৰৰ সমীপৰ সত্ৰৰ বাছ আস্থানলৈ নিয়া হয় । আজি ৰাজ্যিক মৰ্যাদাৰে হ’ব বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়াসেই স্থানতে প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ নশ্বৰদেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হয় । বুঢ়াসত্ৰীয়াগৰাকীক শেষবাৰৰ বাবে এবাৰ প্ৰত্যক্ষ কৰা তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে সমগ্ৰ বৰপেটা চহৰ লোকে লোকাৰণ্য হৈ পৰে । সমদলৰ সময়তো অগনন জনতাই পথৰ কাষে কাষে ৰৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ।
জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আপোন কৰি লোৱা বুঢ়াসত্ৰীয়াগৰাকীক সেয়েহে সকলোৱে দেওবাৰে সমদলৰ সময়ত অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনায় । অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড৹ সমুজ্জল ভট্টাচাৰ্য, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰকে আদি কৰি বিভিন্ন গৰাকী বিশেষ ব্যক্তি উপস্থিত হৈ প্ৰয়াত সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে আজি পুৱা ৯-৩০ বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বৰপেটাত উপস্থিত হৈ বুঢ়াসত্ৰীয়া বাপজনাৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলে ৷
ইয়াৰ পিচতে ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে টোপ ধ্বনি দিয়া হৈছিল ৷ টোপধ্বনিৰ অন্তত বৰপেটা সত্ৰৰ পুৱাৰ প্ৰসংগৰ পাছতে বাপজনাৰ নশ্বৰদেহ বৰপেটা সত্ৰ চৌহদলৈ নিয়া হ’ব আৰু সত্ৰৰ কীৰ্তন ঘৰ প্ৰদক্ষিণ কৰাই থুল তিনিহাটীৰ তিনি বাটচৰালৈ নি অন্তিম সন্মান জনোৱা হ’ব ৷
অন্তিম সন্মান জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ব্যক্ত কৰে নিজৰ অনুভৱ,"হে যদুপতি মই মূঢ়মতি নাজানো সেৱা তোমাৰ । কেৱল তোমাৰ চৰণ পংকজে শৰণ কৰিলো সাৰ৷মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ গুৰু দুজনাৰ একান্ত অনুগামী, অসমীয়া লোক-সংস্কৃতিৰ অক্লান্ত সাধক, বৰপেটা সত্ৰৰ পৰম শ্ৰদ্ধাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাদেৱৰ মহাপ্ৰস্থানে অসমীয়া সমাজ জীৱনত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে। বৰেণ্য যুগাগ্রগামী ব্যক্তিসত্তা দেৱশৰ্মা প্ৰভুৰ বিয়োগত প্ৰতিগৰাকী অসমীয়াৰ দৰে তেখেতৰ এগৰাকী অনুগত হিচাপে মই গভীৰভাৱে মৰ্মাহত হৈছোঁ। পূজ্য দেৱশৰ্মাদেৱৰ বৰ্ণাঢ্য জীৱন আৰু সৃষ্টিৰাজি সদায়েই আমাৰ বাবে প্ৰেৰণাৰ স্ৰোত হৈ ৰ'ব। আজি তেখেতৰ নশ্বৰ দেহ দৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পুণ্যাত্মাগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰোঁ।মোৰ সৈতে কেবিনেট সতীৰ্থ শ্ৰীৰণজিৎ কুমাৰ দাস,ডাঃ ৰণোজ পেগু, শ্রীকেশৱ মহন্ত, অসম বিধানসভাৰ মাননীয় বিৰোধী দলপতি শ্ৰীদেৱব্ৰত শইকীয়া, মাননীয় সাংসদ আব্দুল খালেক, মাননীয় বিধায়কসকল আব্দুৰ ৰহিম আহমেদ, শ্রীফণীভূষণ চৌধুৰী, শ্ৰীদিগন্ত কলিতা, শ্রীমানৱ ডেকা, মাননীয় প্রাক্তন বিধায়ক শ্রীভূপেন বৰাকে ধৰি অন্যান্যসকল উপস্থিত থাকে।"
Comments