গুৱাহাটী,২৪ অক্টোবৰ:ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে, বংগোপসাগৰৰ ওপৰত নিম্নচাপ দেওবাৰে সন্ধিয়া ঘূৰ্ণীবতাহত পৰিণত হয় আৰু ২৫ অক্টোবৰৰ পুৱা বাংলাদেশ উপকূল অতিক্ৰম কৰাৰ আগতে তীব্ৰ ঘূৰ্ণী বতাহত পৰিণত হোৱাৰ সম্ভাৱনা অধিক হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) জনোৱা অনুসৰি, থাইলেণ্ডৰ চিত্ৰাং নামৰ ঘূৰ্ণী বতাহ সোমবাৰে তীব্ৰ ঘূৰ্ণী বতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু বতাহৰ গতি বেগ ৯০ ৰ পৰা ১০০ কিলোমিটাৰ প্ৰতিঘণ্টালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।
ইয়াৰ ফলত পশ্চিমবংগৰ উপকূলীয় জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । লগতে উত্তৰ উপকূলীয় ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে । দেওবাৰে সন্ধিয়া ৫.৩০ বজাত এই ঘূৰ্ণী বতাহ পশ্চিমবংগৰ সাগৰ দ্বীপৰ পৰা ৫৮০ কিলোমিটাৰ দক্ষিণে আৰু বাংলাদেশৰ বাৰিচালৰ পৰা ৭৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আছিল এই ঘূৰ্ণীবতাহ ।
Comments